বৰপেটা , 02 এপ্ৰিলঃকলগাছিয়াত সোমবাৰে দুখন চোৰাং ৰাসায়নিক সাৰৰ গাড়ী জব্দ কৰা হয় । চোৰাং বজাৰত বিক্ৰীৰ বাবে লৈ যোৱা অৱস্থাত ৰাইজে জব্দ কৰে কৃষকৰ বাবে যোগান ধৰা প্ৰায় 100 কুইণ্টল সুলভ মূল্যৰ ৰাসায়নিক সাৰ ।
কলগাছিয়াত দুখন চোৰাং ৰাসায়নিক সাৰ ভৰ্তি গাড়ী জব্দ - চোৰাং ৰাসায়নিক সাৰ
জব্দ 100 কুইণ্টল সুলভ মূল্যৰ ৰাসায়নিক সাৰ ৷ চোৰাং বজাৰত বিক্ৰীৰ বাবে লৈ যোৱা অৱস্থাত ৰাইজে জব্দ কৰে কৃষকৰ বাবে যোগান ধৰা প্ৰায় 100 কুইণ্টল সুলভ মূল্যৰ ৰাসায়নিক সাৰ
সোমবাৰে নিশা দৰিদ্ৰ কৃষক সকলক সুলভ মূল্যত যোগান ধৰিবলৈ আৱণ্টন দিয়া ৰাসায়নিক সাৰ সমূহ AS-15C-7973 আৰু AS-25CC-3722 নম্বৰৰ দুখন বলেৰ'পিক আপ বাহনেৰে বিক্ৰীৰ বাবে লৈ যোৱা হৈছিল ৷ তেনে সময়তে কলগাছিয়াত ৰাইজে চোৰাং ৰাসায়নিক সাৰ ভৰ্তি গাড়ী কেইখন জব্দ কৰে ৷ উল্লেখ্য যে বৰপেটাৰোডৰ ফৰমান আলীৰ অপ্সৰা বীজ ভাণ্ডাৰৰ পৰা কলগাছিয়াৰ বাংকাভাঙ্গা বজাৰৰ ছাবেদ আলী নামৰ এজন চোৰাং বেপাৰীৰ হাতত বিক্ৰী কৰিবলৈ লৈ যোৱা অৱস্থাত জব্দ কৰা হয় বাহন দুখন ৷ জব্দকৃত বলেৰ' পিক আপ বাহন দুখন ৰাইজে আৰক্ষীক গতাই দিয়ে । ইপিনে কৃষক সকলক বঞ্চিত কৰি শ শ কুইন্টল চৰকাৰী ৰাসায়নিক সাৰ এইদৰে ক'লা বজাৰত বিক্ৰী কৰা ঘটনাই কৃষক সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সেয়ে এই দুষ্কাৰ্যৰ লগত জড়িত থকা অসাধু ব্যৱসায়ী সকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমছুৰ লগতে কৃষক ৰাইজে দাবী জনায় ।