জনীয়া, ৩০ জানুৱাৰী :নৱ নিযুক্ত ৪৫০০ গৰাকী চাকৰিয়ালৰ ঘৰে ঘৰে যোৱাৰ উদ্দেশ্য বিজেপিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰৰ নেতৃত্বত এটা দলে অভিযান আৰম্ভ কৰিছে (Felicitation of BJP Assam State Minority Morcha at Jania)। এই সকল নৱ নিযুক্ত চাকৰিয়ালৰ পিতৃ-মাতৃক ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু আশীৰ্বাদ লোৱাৰ উদ্দেশ্যে এনে অভিযান আৰম্ভ কৰিছে ।
জনীয়া সমষ্টিৰ সমীপৰ শিমলাবাৰীত এই উদ্দেশ্য়ে ঘৰে ঘৰে উপস্থিত হয় শান্তিয়াছ কুজুৰৰ নেতৃত্বত যোৱা দলটো (Former Rajya Sabha MP Shantiyas Kujur)। দৰিদ্ৰ পৰিয়ালৰ যুৱকসকলে লাভ কৰা সাফল্য়ৰ বাবে তেওঁলোকৰ পিতৃ-মাতৃক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জ্ঞাপন কৰিবলৈ এই দলটোক প্ৰেৰণ কৰিছে ।
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ সীমামূৰীয়া গাঁও শিমলাবাৰীত দলটোৱে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে (CM Dr Himanta Biswa Sarma)। এই অভিযানত বিজেপিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰৰ উপৰিও উপ-সভাপতি খলিলুৰ ৰহমান, বঙাইগাঁও জিলাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ আহ্বায়ক মকিবুৰ হুছেইন মজুমদাৰৰ লগতে জিলা সংখ্যালঘু মৰ্চাৰ ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে ।