বৰপেটাৰ আৰক্ষী পৰিয়ালৰ কৃতী সন্তানক সম্বৰ্ধনা - হাইস্কুল শিক্ষান্ত পৰীক্ষা
বুধবাৰে বৰপেটাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫ শতাংশ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮০ শতাংশতকৈ অধিক নম্বৰপ্ৰাপ্ত প্ৰায় কুৰিগৰাকী আৰক্ষী পৰিয়ালৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে ৰাজ্যখনৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা জিলাখনৰ কৃতীমান সকলকো সম্বৰ্ধনা জনোৱা হয় ৷
বৰপেটা, ৪ জুলাইঃ নিৰাপত্তাৰ কামত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকসকলৰো আছে নিজাকৈ এটা জীৱন ৷ নিজৰ পৰিয়াল অথবা সন্তানৰ খবৰ ল’বলৈ আহৰি নোপোৱা একাংশ আৰক্ষী আৰু আৰক্ষী বিষয়াৰ সন্তানেও সদ্যঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ৷ বৰপেটাৰ আৰক্ষী পৰিয়ালৰ এই কৃতি সন্তানসকলক বুধবাৰে বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ উপ আৰক্ষী অধীক্ষক সমীৰন বৈশ্যই আঁতধৰা অনুষ্ঠানটোত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ড0 ৰবীন কুমাৰৰ লগতে আৰক্ষী বিষয়া আৰু একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫ শতাংশ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮০ শতাংশতকৈ অধিক নম্বৰপ্ৰাপ্ত প্ৰায় কুৰিগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে ৰাজ্যখনৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা জিলাখনৰ কৃতীমান সকলকো সম্বৰ্ধনা জনোৱা হয় ৷