অসম

assam

বৰপেটাত যুৱতীৰ সাঁচতীয়া ধন কাঢ়ি নিলে পকেটমাৰে

By

Published : Sep 18, 2020, 8:12 PM IST

অভাৱৰ মাজতো নিজৰ সাঁচতীয়া ধন হেৰুৱাই শোকত ভাগি পৰিছে এগৰাকী যুৱতী ৷ বৰপেটাত দিনক দিনে বৃদ্ধি পাই অহা চিলনী চোৰৰ অতপালিৰ পিচতেই এইবাৰ পকেটমাৰৰ ঘটনাক লৈ বিপাঙত পৰিছে স্থানীয় ৰাইজ ৷

বৰপেটাত যুৱতীৰ সাঁচতীয়া ধন কাঢ়ি নিলে পকেটমাৰে
বৰপেটাত যুৱতীৰ সাঁচতীয়া ধন কাঢ়ি নিলে পকেটমাৰে

বৰপেটা, ১৮ ছেপ্টেম্বৰ:কৰ’ণা মহামাৰীয়ে জুৰুলা কৰিছে দেশ তথা ৰাজ্যৰ প্ৰায় সংখ্যক জনতাক ৷ এনে অভাৱনীয় সময়খিনিতেই পকেটমাৰৰ কবলত পৰিছে বৰপেটাৰ হাউলীৰ এগৰাকী যুৱতী ৷ শুকুৰবাৰে হাউলিৰ ৰিমাশ্ৰী মজুমদাৰৰ নামৰ যুৱতীগৰাকীৰ পৰা কোনো দুবৃত্তই পানকাৰ্ড আৰু আধাৰকাৰ্ড কাৰ্ডৰ লগতে নগদ ১০ হাজাৰ টকা লুটি নিয়ে ৷

বৰপেটাত যুৱতীৰ সাঁচতীয়া ধন কাঢ়ি নিলে পকেটমাৰে

উল্লেখ্য যে,মাতৃ সৈতে যুৱতীগৰাকীয়ে ধন জমা কৰিবলৈ আহিছিল বৰপেটাৰ ইউনাইটেড বেংকলৈ ৷ বেংকত প্ৰৱেশ কৰাৰ পাছতেই বেগখনৰ চেইন খুলি তকা প্ৰত্যক্ষ কৰে যুৱতী গৰাকীয়ে ৷ ইপিনে হাউলীৰ পৰা মন্দিয়া অভিমুখী বাছ এখনেৰে বৰপেটা অভিমুখে গৈ থকা অৱস্থাত বেগৰ পৰা কোন সময়ত পকেটমাৰে নথিপত্ৰৰ লগতে ১০ হেজাৰ টকা লুটি নিলে সেই কথাৰ সম্ভেদ নাপালে ভূক্তভোগী যুৱতীগৰাকীয়ে ৷

অভাৱৰ মাজতো নিজৰ সাচতীয়া ধন হেৰুৱাই শোকত ভাগি পৰিছে যুৱতীগৰাকী ৷ ইফালে বৰপেটাত দিনক দিনে বৃদ্ধি পাই অহা চিলনী চোৰৰ অতপালিৰ পিচতেই এইবাৰ পকেটমাৰৰ ঘটনাক লৈ বিপাঙত পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক :ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিবলৈ সাজু ৰাজ্য চৰকাৰ

ABOUT THE AUTHOR

...view details