অসম

assam

ETV Bharat / state

বৰপেটাত FCI ৰ চোৰাং চাউলৰ বস্তা জব্দ - FCI

অভিযোগ অনুসৰি বৰপেটাৰোড ৰে’লৱে ষ্টেচনত FCI ৰ চাউলৰ ৰেকৰ পৰা এই চোৰাং চাউলখিনি উল্লেখিত চাউল ব্যৱসায়ীজনে নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত খুচুৰা হাৰত বিক্ৰী কৰিছিল ।

বৰপেটাত FCI'ৰ চোৰাং চাউলৰ বস্তা জব্দ

By

Published : Jun 20, 2019, 12:50 PM IST

Updated : Jun 20, 2019, 6:06 PM IST

বৰপেটা , ২০ জুন :বুধবাৰে নিশা বৰপেটাৰোডৰ চাউল বজাৰৰ পৰা ৰে’লৱে আৰক্ষীয়ে ২২ বস্তা FCIৰ চোৰাং চাউল সহ এজন চাউল ব্যৱসায়ী আটক কৰে । আটকাধীন চাউল ব্যৱসায়ী জনৰ নাম সুভাষ কৰ্মকাৰ ।

বৰপেটাত FCI'ৰ চোৰাং চাউলৰ বস্তা জব্দ

ধৃত সুভাষ কৰ্মকাৰৰ ঘৰ বৰপেটাৰোডৰ ৯ নম্বৰ ৱাৰ্ডত বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি বৰপেটাৰোড ৰে’লৱে ষ্টেচনত FCIৰ চাউলৰ ৰেকৰ পৰা এই চোৰাং চাউলখিনি উল্লেখিত চাউল ব্যৱসায়ীজনে নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত খুচুৰা হাৰত বিক্ৰী কৰিছিল । তেনে সময়তে এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটাৰোড ৰে’লৱে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিক্ৰম সিঙৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই FCI ৰ কৰ্মচাৰীৰ উপস্থিতিত ২২ বস্তা চোৰাং চাউল জব্দ কৰি ৰে’লৱে আৰক্ষী থানালৈ লৈ যায় । উল্লেখ্য যে FCIৰ চাউলৰ চোৰাং কাৰবাৰত ৰৌ বৰালীয়ে ট্ৰাকে ট্ৰাকে বাংলাদেশলৈ চাউল সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে যদিও বুধবাৰে নিশা বৰপেটাৰোডৰ ৰে’লৱে আৰক্ষীয়ে পুঠি খলিহনা বিধৰ এজন খুচুৰা চাউল ব্যৱসায়ীকহে আটক কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে ৰে’ল আৰক্ষীয়ে আটক কৰা চাউল ব্যৱসায়ী জনে জনোৱা মতে , তেওঁ সুলভ মূল্যৰ দোকানৰ পৰা এটকা কিলো চাউল লাভ কৰা লোক সকলৰ পৰা এই আতপ চাউলবোৰ কিলো প্ৰতি ৫/৬ টকা দামত ক্ৰয় কৰি বজাৰত বিক্ৰী কৰিছিল । আটকাধীন চাউল ব্যৱসায়ী জনক ৰে’ল আৰক্ষীয়ে বৃহস্পতিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

Last Updated : Jun 20, 2019, 6:06 PM IST

ABOUT THE AUTHOR

...view details