জনীয়া, ১ জুলাই: সময় পাৰ হৈ গৈ আছে, চৰকাৰো সলনি হৈছে । কিন্তু বৰপেটাৰ জনীয়াৰ কাদং অঞ্চলৰ যাতায়াতৰ ক্ষেত্ৰতহে আজি পৰ্যন্ত কোনো পৰিৱৰ্তন নাহিল । কাদং বজাৰৰ পৰা কান্দাপাৰা সংযোগী এই গুৰুত্বপূৰ্ণ এই পথটো পকীকৰণৰ বাবে বছৰ বছৰ ধৰি ৰাইজে দাবী জনাই আহিছে । কিন্তু এতিয়ালৈকে পথটো পকীকৰণ হোৱা নাই ।
পথটোৰ অৱস্থা ইমানেই জৰাজীৰ্ণ যে, এজাক বৰষুণতে পথটোৰে যাব নোৱাৰা হৈ পৰে । বোকা,পানী জমা হৈ পথটো খেতিপথাৰ সদৃশ হৈ পৰে । ফলত যাতায়াতৰ নামত হাৰাশাস্তি ভূগিবলগীয়া হয় ৰাইজে । সেয়ে পথটো শীঘ্ৰে মেৰামতি কৰাৰ দাবীত বৃহস্পতিবাৰে কৃষক সভাই ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বোকাময় পথৰ ওপৰতে শালিধানৰ কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে জনীয়া আঞ্চলিক কৃষক সভাৰ সদস্যসকলে ।
পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে জৰুৰীকালীন সেৱাৰ বাহন অঞ্চলটোলৈ নাহে । এই পথটোৰে স্থানীয় লোকসকলে মন্দিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়, বাঘবৰ ৰাজহ চক্ৰৰ কাৰ্যালয়, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়লৈ অহা-যোৱা কৰে ।