অসম

assam

By

Published : Feb 9, 2020, 5:39 PM IST

ETV Bharat / state

তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত খেতিয়ক

তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে কৃষক ৷ বৰপেটাৰ জনিয়া সমষ্টিৰ জহোৰপাম অঞ্চলৰ শ-শ তিয়ঁহ খেতিয়কৰ এতিয়া চৰম দুৰ্দশা ৷ কাৰণ বজাৰত তিয়ঁহৰ মূল্য মাত্ৰ এটকাৰ পৰা ডেৰটকা ৷

Farmers saught Government's help to produce cucumber
তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত খেতিয়ক

বৰপেটা, 9 ফেব্ৰুৱাৰীঃ এফালে বজাৰত জুই আৰু আনফালে দুৰ্ভোগ খেতিয়কৰ ৷ তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে কৃষক ৷ বৰপেটাৰ জনিয়া সমষ্টিৰ জহোৰপাম অঞ্চলৰ শ-শ তিয়ঁহ খেতিয়কৰ এতিয়া চৰম দুৰ্দশা ৷ কাৰণ বজাৰত তিয়ঁহৰ মূল্য মাত্ৰ এটকাৰ পৰা ডেৰ টকা ৷ ঋণ লৈ তিয়ঁহ খেতি কৰা খেতিয়কসকলৰ এতিয়া মুৰে কপালে হাত দিবলগীয়া অৱস্থা ৷

খেতিয়কসকলে প্ৰতিবিঘা তিয়ঁহৰ খেতি 40ৰ পৰা 50 হাজাৰ টকা খৰছ কৰি কৰিছিল খেতি ৷ কিন্তু তিয়ঁহ বিক্ৰী কৰি 10 হাজাৰ টকাও পোৱা নাই এই দুৰ্ভগীয়া খেতিয়কসকলে ৷ ফলত তীব্ৰ সংকটে দেখা দিছে কৃষকসকলৰ পৰিয়াল পোহপালত ৷ এই বৰপেটা জনিয়া জাহোৰপাম অঞ্চলৰ খেতিয়কে ৰাজ্য চৰকাৰৰ প্ৰতি জনাইছে এইক্ষেত্ৰত আবেদন ৷ চৰকাৰে ইয়াৰ ওপৰত সহায়ৰ হাত আগনবঢ়ালে আত্মহত্যা কৰাৰো ভাবুকি প্ৰদান কৰে এইসকল দুৰ্ভগীয়া কৃষকসকলে ৷

তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত খেতিয়ক

কৃষকসকলৰ এই দুৰ্দশাৰ মাজতে আহিছে এক আশাৰ বাতৰি ৷ এই দুৰ্ভগীয়া খেতিয়কসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে বৰপেটা জিলা কৃষি বিভাগ ৷ বৰপেটাৰ জিলা কৃষি বিষয়াই জনোৱামতে, পূৰ্বতে পাকিস্তান, নেপাল, বাংলাদেশ, ভুটান, ম্যানমাৰ আদি দেশসমুহলৈ ৰপ্তানি হৈছিল বৰপেটাত উৎপাদিত তিয়ঁহ ৷ কিন্তু এইবেলি বিদেশলৈ পঠাব পৰা নাই বৰপেটাৰ তিয়ঁহ, ‍ফলত লোকচানৰ সন্মুখীন হোৱা তিয়ঁহ খেতিয়কসকলক সকাহ দিয়াৰ বাবে আগবাঢ়ি আহিছে কৃষি বিভাগ ৷ ইতিমধ্যে লোকচানৰ সন্মুখীন হোৱা খেতিয়কসকলক সাক্ষাৎ কৰি খেতিয়কসকলক ফাৰ্মাৰচ্ প্ৰডিউচাৰ কোম্পানী এটা গঠনৰ পৰামৰ্শ আগবঢ়াইছে কৃষি বিভাগে ৷ ইয়াৰ জৰিয়তে বৰপেটাৰ কৃষকে উৎপাদন কৰা সকলো পাচলি, ফল মুল আদি উচিত মূল্যত বিক্ৰী কৰিব পাৰিব বুলিও বৰপেটা জিলা কৃষি বিষয়া কৃষ্ণকান্ত পাঠকে জানিবলৈ দিয়ে ৷

আৰু পঢ়কঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল গুৱাহাটী বিশ্ববিদ্যালয়

ABOUT THE AUTHOR

...view details