জনীয়া, ৬ মে': ইণ্ডো-আমৰেকান হাইব্ৰীড ছিডছ প্ৰাইভেট লিমিটেডৰ Indam1255 বীজ ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰি এতিয়া লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে বৰপেটাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চান্দমামা ননকে গাঁৱৰ কৃষকে ।
কোম্পানীটোৰ এজেন্টসকলে প্ৰতি বিঘাত ১৯-২০ কুইণ্টল মাকৈ উৎপাদন কৰিব পাৰিব বুলি কৈছিল আৰু অতি চতুৰালিৰে দৰিদ্ৰক কৃষকক বীজবোৰ বিক্ৰী কৰিছিল । কিন্তু এই বীজেৰে খেতি কৰি প্ৰতি বিঘা কৃষিভূমিত মাত্ৰ ২-৩ কুইণ্টল মাকৈহে উৎপাদন কৰিবলৈ সক্ষম হৈছে কৃষকসকলে ।
Indam1255 বীজেৰে মাকৈৰ খেতি হাহাকাৰ বৰপেটাৰ কৃষকৰ উৎকৃষ্ট মানৰ মাকৈৰ বীজৰ নামত কোম্পানীটোৱে ৰামঠগন দিয়াৰ অভিযোগ তুলিছে দৰিদ্ৰ কৃষকসকলে । বৰপেটা জিলাৰ চান্দমামা ননকে গাঁৱৰ অধিকাংশ লোকেই কৃষিজীৱী । এই অঞ্চলৰ কৃষিভূমি প্ৰায় ৬ মাহ ধৰি পানীৰে ভৰি থাকে বাবে খেতিয়কসকলে বছৰত এবাৰকৈ মাকৈ খেতি কৰে । পাইনৰ' নামৰ মাকৈৰ বীজেৰে খেতি কৰিলে প্ৰতি বিঘাত ৬-৭ হাজাৰ টকা ব্যয় হয় আৰু ১৭-১৮ কুইণ্টল মাকৈ উৎপাদন হয় ।
কিন্তু এইবাৰ Indam1255 বীজ ব্যৱহাৰ কৰি হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে । মাকৈবোৰ ভালদৰে ডাঙৰ হোৱাৰ পূৰ্বেই নষ্ট হৈ গৈছে । ফলত মূৰে-কপালে হাত দিব লগা হৈছে কৃষকসকলে । ভুক্তভোগী খেতিয়কসকলে এতিয়া কোম্পানীটোৰ পৰা ক্ষতিপুৰণ বিচাৰিছে ।
লগতে পঢ়ক:মৰিগাঁৱত ৰাজপথত বাগৰিল গছ, যাতায়াত ব্যাহত