অসম

assam

ETV Bharat / state

তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত আহত একে পৰিয়ালৰে তিনিজন - barpeta

ইদৰ বন্ধ উদযাপন কৰি ঘৰলৈ উভতি আহি থকা সময়ত ট্ৰেভেলাৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় মটৰচাইকেল যোগে গৈ থকা তিনিজনকৈ লোক৷

তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত আহত একে পৰিয়ালৰে তিনিজন

By

Published : Jun 8, 2019, 9:04 PM IST


বৰপেটা, 8 জুন : বৰপেটাত তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত আহত এটা পৰিয়াল৷ ইদৰ বন্ধ উদযাপন কৰি ঘৰলৈ উভতি আহি থকা সময়ত ট্ৰেভেলাৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় মটৰচাইকেল যোগে গৈ থকা তিনিজনকৈ লোক৷

তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত আহত একে পৰিয়ালৰে তিনিজন

মোমায়েকৰ ঘৰত ঈদৰ নিমন্ত্ৰণ ৰক্ষা কৰি নিজ গৃহলৈ গৈ থকা অৱস্থাতে শনিবাৰে বৰপেটাৰ বাটগাঁৱত দুৰ্ঘটনাত পতিত হ'ল এহাল দম্পতীৰ লগতে এটি শিশু৷ সম্প্ৰতি শিশুটোৰ অৱস্থা অতি সংকটজনক৷ বৰপেটাৰ বাগোদি গাঁৱৰ মোমায়েকৰ ঘৰৰ পৰা খংৰাৰ নিজ গৃহলৈ আহি থকা অৱস্থাতে বাটগাঁৱত AS ০১ JC ১২৪৫ নম্বৰৰ টেভেৰাখনে AS ১৫ AN ৯৬৫০ নম্বৰৰ বাইকখনত তীব্ৰ জোৰে খুন্দা মাৰে ৷ টেভেৰাৰ খুন্দাত বাইক আৰোহী জামাল আলি,আলমিনা পাৰৱি ৰ লগতে জন্নত পাৰৱিন নামৰ আঢ়ৈ বছৰীয়া শিশুটো গুৰুতৰভাৱে আহত হয়৷আঘাতপ্ৰাপ্ত তিনিওজনকে বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৰ্তমানে জিএমছিএইছলৈ প্ৰেৰণ কৰা হৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটোক৷

ABOUT THE AUTHOR

...view details