বৰপেটা, ৯ অক্টোবৰ : বৰপেটাত দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াব পৰা ভুৱা ভোটাৰ পৰিচয়-পত্ৰ (fake voter ID cards in Barpeta) প্ৰস্তুতৰ সৈতে জড়িত বৃহৎ চক্ৰ উৎখাত (fake voter ID cards racket busted in Barpeta) ৷ 'ডি' ভোটাৰসকলক এই চক্ৰটোৱে প্ৰদান কৰি আহিছিল ভুৱা ভোটাৰ পৰিচয়-পত্ৰ ৷ ভুৱা ভোটাৰ পৰিচয়-পত্ৰ প্ৰস্তুত চক্ৰটোৰ মূল নায়ক ফাৰুক খানসহ তিনি অভিযুক্তক গ্ৰেপ্তাৰ ৷
ধৃত তিনি অভিযুক্ত হৈছে ফাৰুক খান, আব্দুল আলী আৰু ছহিদুল ৷ ইপিনে ধৃত ফাৰুক খানৰ পৰা জব্দ কৰা হৈছে জালিয়াতিৰে প্ৰস্তুত কৰা ২৬২ খন ভুৱা ভোটাৰ পৰিচয়-পত্ৰ (3 arrested for fake voter ID cards in Barpeta) ৷
এগৰাকী BLO-ৰ খবৰৰ ভিত্তিত বৰপেটাৰ নিৰ্বাচনী বিষয়া (Barpeta election officer) আৰু আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি সংকট কঢ়িয়াই আনিব পৰা এই ভুৱা ভোটাৰ পৰিচয়-পত্ৰ চক্ৰটোৰ তথ্য ৷ বৰপেটাৰ নিৰ্বাচনী বিষয়াই জনোৱা মতে, ডি ভোটাৰ (D voter) চিহ্নিত সন্দেহজনক ভোটাৰসকলক নিৰ্বাচনী আয়োগৰ নিয়ম অনুযায়ী কোনো ভোটাৰ পৰিচয়-পত্ৰ প্ৰদান কৰা নহয় ৷