বৰপেটাৰোড, 11 জুলাই :ব্যৱসায়ীক ধন দাবী কৰাৰ অপৰাধত বৰপেটাৰোডত এজন ভুৱা সাংবাদিক সহ ইন্টাৰনেশ্যনেল হিউমেন ৰাইট্চ কাউঞ্চিল(international human rights council ) নামৰ সংস্থাটোৰ বৰপেটা জিলাৰ কাৰ্যকৰী সভাপতি গৰাকীক গ্ৰেপ্তাৰ কৰে বৰপেটাৰোড আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভুৱা সাংবাদিক গৰাকীৰ নাম প্ৰকাশ প্ৰসাদ আৰু আনজন ইন্টাৰনেশ্যনেল হিইউমেন ৰাইট কাউঞ্চিলৰ বৰপেটা জিলাৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰজিৎ ডেকা বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ জালত পৰা ভুৱা সাংবাদিক প্ৰকাশ প্ৰসাদৰ ঘৰ বৰপেটাৰোডত আৰু ইন্দ্ৰজিৎ ডেকাৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে ৷
এই দুয়োগৰাকীয়ে বৰপেটাৰোডৰ ব্যৱসায়ী জনক ৫০ লাখ টকা দাবী কৰিছিল ৷ বৰপেটাৰোডৰ ৰুহি দাস নামৰ মচলা ব্যৱসায়ী গৰাকীয়ে ভেজাল মচলা পেকেটিং কৰি ব্যৱসায় চলাই থকা বুলি অভিযোগ তুলি নিজকে এখন কাকতৰ সাংবাদিক বুলি পৰিচয় দিয়া প্ৰকাশ প্ৰসাদ আৰু হিইউমেন ৰাইট্চৰ বৰপেটাৰ কাৰ্যকৰী সভাপতি লম্পট ইন্দ্ৰজিৎ ডেকাই দাবী কৰা ধন নিদিলে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছিল ৷