অসম

assam

ETV Bharat / state

ৰোগীক ৰামঠগন দি আৰক্ষীৰ জালত ভুৱা চিকিৎসক - শিক্ষকৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰো অভিযোগ

বৰপেটা ৰোডত মুন্নাভাই MBBS ৰ আৱিৰ্ভাৱ । চিকিৎসাৰ নামত ৰোগীক ৰামঠগন দি অৱশেষত আটক হ'ল স্বয়ম্ভূ চিকিৎসক সমীৰ কুমাৰ ৰয় ।

Fake Doctor arrested at Barpeta
বাক্সাত আৰক্ষীৰ জালত মুন্নাভাই এম বি বি এছ

By

Published : Sep 1, 2021, 12:01 PM IST

বৰপেটাৰোড, ১ ছেপ্তেম্বৰ: দীৰ্ঘদিন ধৰি ভুৱা চিকিৎসা সেৱা আগবঢ়াই থাকি অৱশেষত ৰঙাঘৰৰ আলহী হ'ল স্বয়ম্ভূ চিকিৎসক সমীৰ কুমাৰ ৰয় । বৰপেটা ৰোডৰ জাখলিবিল পথাৰত এখন ফাৰ্মাচী খুলি নিজকে স্ত্ৰীৰোগ আৰু মেডিচিন বিশেষজ্ঞ বুলি পৰিচয় দি চিকিৎসা সেৱা আগবঢ়াই আছিল স্বয়ম্ভূ চিকিৎসকগৰাকীয়ে ।

বাক্সাত আৰক্ষীৰ জালত মুন্নাভাই এম বি বি এছ

কেৱল ভুল চিকিৎসা সেৱা আগবঢ়োৱাই নহয়, সমীৰ কুমাৰ ৰয়ৰ বিৰুদ্ধে উত্থাপিত হৈছে আন এক গোচৰ । অমল কুমাৰ সৰকাৰ নামৰ এগৰাকী শিক্ষকৰ পত্নীৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে ।

শিক্ষকজনৰ পত্নী বৰ্তমান মাতৃগৃহত আছে । অমল কুমাৰ সৰকাৰে অভিযোগ তুলিছে যে, সমীৰ কুমাৰ ৰয়ে তেওঁৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তুলি পত্নীক মাতৃগৃহলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছিল । এতিয়া শিক্ষকগৰাকীৰ পত্নী মাতৃগৃহত আছে আৰু দুই সন্তানসহ শিক্ষকগৰাকী নিজ ঘৰতে আছে ।

বাক্সাত আৰক্ষীৰ জালত মুন্নাভাই এম বি বি এছ

সন্তান দুটিয়ে মাতৃক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । স্বয়ম্ভূ চিকিৎসকগৰাকীৰ বিৰুদ্ধে শিক্ষক অমল কুমাৰ সৰকাৰে শিমলাগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । শিক্ষকগৰাকীৰ অভিযোগৰ ভিত্তিত শিমলাগুৰি আৰক্ষীয়ে মুন্নাভাই এমবিবিএছ সমীৰ কুমাৰ ৰয়ক আটক কৰি সোমবাৰে জেললৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, সমীৰ কুমাৰ ৰয়ৰ ঘৰ পশ্চিমবংগৰ মালদহ জিলাৰ আলিপুৰ গাঁৱত । তেওঁ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ জাখলিবিল পথাৰতে স্থায়ীভাৱে বাস কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছিল ৷ স্ত্ৰীৰোগ আৰু মেডিচিন বিশেষজ্ঞ বুলি ফলক লগাই দীৰ্ঘদিনে ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছিল ব্যক্তিগৰাকীয়ে ।

লগতে পঢ়ক: নৱম অসম আৰক্ষী বাহিনীৰ বাছত উদ্ধাৰ আঘাতপ্ৰাপ্ত পহু

ABOUT THE AUTHOR

...view details