জনীয়া, 29 আগষ্ট: সাৱধান, ধন লওঁতে সতৰ্ক হওক ৷ কিয়নো এতিয়া দুষ্ট চক্ৰই ৰাজ্যত ভয়াবহভাৱে মেলি দিছে জালনোট ৷ (fake currency seized at Kalgachia)৷ ৰাজ্যৰ বজাৰত এইসমূহ জালনোট প্ৰচলন কৰিবলৈ চক্ৰটোৱে প্ৰয়োগ কৰিছে বিভিন্ন পদ্ধতি ৷
শেহতীয়াকৈ জালনোটৰ এই ক’লা ব্যৱসায়ৰ বিৰুদ্ধে অভিয়ান চলাই কলগাছিয়াত বৃহৎ পৰিমানৰ জালনোটসহ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (One fake currency smuggler arrested) ৷ এক গোপন সূত্ৰ পম খেদি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খেল্লী গাঁৱৰ পৰা দেওবাৰে আৰক্ষীয়ে অভিযান চলাই দীৰ্ঘদিনৰ পৰা জালনোটৰ ব্যৱসায় চলাই অহা কুখ্যাত ব্যৱসায়ী ৰাজু আহমেদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
তিনি লক্ষাধিক টকাৰ জালনোটসহ ব্যৱসায়ীক গ্ৰেপ্তাৰ ধৃত ৰাজু আহমেদৰ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে মুঠ তিনি লাখ চৌব্বিছ হাজাৰ টকাৰ জালনোট উদ্ধাৰ কৰে ৷ জালনোটসমূহ বজাৰত প্ৰচলন কৰাৰ বাবে ৰাজু আহমেদে নিজৰ ঘৰত লাখ লাখ টকা মজুত কৰি ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
এই ঘটনাৰ পিছতে অঞ্চলটোত এক উত্তেজনাৰ সৃষ্টি হয় ৷ বৃহত্তৰ অঞ্চলটোত চলি থকা মদ, জুৱা, তীৰ খেলৰ সমান্তৰালকৈ অবৈধ জালনোটৰ ব্যৱসায় কঠোৰ হাতেৰে দমন কৰিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে ৷ সম্প্ৰতি ৰাজুক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক:আৰক্ষী বিষয়া লক্ষীৰাম সোণোৱালক সামৰিক মৰ্যাদাৰে শেষ বিদায়