বৰপেটা,২৭ নৱেম্বৰ:এইবাৰ প্ৰতিবাদত বহিল ৰাজ্যৰ একাংশ কনিষ্ঠ চিকিৎসক । মৌন প্ৰতিবাদত বহিল ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালৰ কনিষ্ঠ চিকিৎসকসকল (Junior doctors silent protest at FAAMCH) । NEET PGৰ নামভৰ্তি প্ৰক্ৰিয়া শীঘ্ৰ আৰম্ভ কৰাৰ দাবীত এই প্ৰতিবাদ কনিষ্ঠ চিকিৎসকসকলৰ ।
উল্লেখ্য যে ক'ভিড পৰিস্থিতিৰ বাবে NEET PGৰ পৰীক্ষা পলমকৈ অনুষ্ঠিত হৈছিল । কিন্তু তাৰ পাছতো একাংশ শিক্ষাৰ্থী আদালতৰ কাষ চাপিছিল যাৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া এতিয়াও অনুষ্ঠিত হোৱা নাই (NEET PG counselling delayed) । উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা NEET PGৰ বাচনি পৰীক্ষা সম্পৰ্কীয় গোচৰটোৰ ৬ জানুৱাৰীত শুনানি আছে ।
Delay in NEET PG counselling: FAAMCHত কনিষ্ঠ চিকিৎসকৰ মৌন প্ৰতিবাদ উচ্চতম ন্যায়ালয়ে যাতে এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে ৰায় প্ৰদান কৰে তাৰ বাবে সমগ্ৰ ভাৰততে কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদৰ আহ্বান জনায় (Nationwide protest over delay in NEET PG counselling) । তাৰ অংশ হিচাপে বৰপেটা মেডিকেল কলেজ হাস্পতালৰো কনিষ্ঠ চিকিৎসকসকলে এই মৌন প্ৰতিবাদৰ আয়োজন কৰে ।
চিকিৎসকসকলে অভিযোগ কৰা মতে NEET PGৰ নামভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত নোহোৱাৰ বাবে মেডিকেল কলেজ সমূহত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে ৷ ইফালে ৫০ শতাংশ এআইকিউ আসনৰ বাবে NEET PGৰ পৰামৰ্শ ২৫ অক্টোবৰত আৰম্ভ হোৱাৰ কথা আছিল যদিও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এমচিচিয়ে ইয়াক স্থগিত ৰাখিছিল । কনিষ্ঠ চিকিৎসকসকলৰ দাবী আইনগত অসুবিধাৰ বাবে বন্ধ হৈ থকা নামভৰ্তি প্ৰক্ৰিয়া শীঘ্ৰে সম্পন্ন কৰিব লাগে আৰু উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা NEET PGৰ বাচনি পৰীক্ষা সম্পৰ্কীয় গোচৰটোৰ ৬ জানুৱাৰীতে যেন আদালতে ৰায়দান দিয়ে ।
লগতে পঢ়ক :ধেমাজিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ