বৰপেটা, ২৬ অক্টোবৰ: ৰোগীৰ পৰা ধন লৈ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালতৰ (Fakhruddin Ali Ahmed Medical College Hospital) কৰ্মচাৰী গ্ৰেপ্তাৰ ৷ আয়ুস্মান কাৰ্ড থকাৰ পিছতো এগৰাকী ৰোগীৰ পৰা ঔষধৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হ'ল গুনাভি দাস (Barpeta medical college employee arrest) নামৰ কৰ্মচাৰীজন ৷ গুনাভি দাস বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ৱাৰ্ড বয় হিচাপে কৰ্মৰত ৷
উল্লেখ্য় যে চিৰাং জিলাৰ বিজনীৰ প্ৰকাশ সূত্ৰধৰ নামৰ ৰোগীজনৰ আত্মীয়ৰ পৰা ঔষধ ক্ৰয়ৰ নামত গুনাভি দাসে সংগ্ৰহ কৰিছিল ১,৭০০ টকা (Allegation against medical employee) ৷ বুধবাৰে ৰোগীজনৰ ভাতৃৰ এজাহাৰৰ ভিত্তিত ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল গুনাভি ৷