বৰপেটা ৭ জুনঃহাই মাদ্ৰাছাত বৰপেটা জিলাৰ ধকুৱাৰ কাহিবাৰীৰ ইয়ামিন আলীয়ে হাইমাদ্ৰাছাত প্ৰথম স্থান আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহৰিৰ পূজা বেনাৰ্জীয়ে দশম স্থান অধিকাৰ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । বৰপেটা জিলা এআইইউডিএফদলৰ এটি প্ৰতিনিধিৰ দলে দুয়োগৰাকী শিক্ষাৰ্থীৰ বাসগৃহত উপস্থিত হয় । অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ইয়ামিন আলীক প্ৰতিনিধিৰ দলটোৱে আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এক লাখ টকা আৰ্থিক অনুদান আগবঢ়োৱাৰ বিপৰীতে বহৰিৰ পূজা বেনাৰ্জীলৈ নগদ 25হাজাৰ টকাৰ অনুদান আগবঢ়ায় ।
বৰপেটা জিলাৰ স্থানপ্ৰাপ্ত সকলক এ.আই.ইউ.ডি.এফৰ আৰ্থিক সহায় - শিক্ষাৰ্থীক আৰ্থিক অনুদান প্ৰদান আজমল ফাউণ্ডেশ্যনৰ
ইয়ামিন আলী আৰু পূজা বেনাৰ্জীৰ বাসগৃহত এআইইউডিএফৰ প্ৰতিনিধিৰ দল । দুয়োগৰাকী শিক্ষাৰ্থীক আৰ্থিক অনুদান প্ৰদান আজমল ফাউণ্ডেশ্যনৰ ।
বৰপেটা জিলাৰ স্থানপ্ৰাপ্ত সকলক এ.আই.ইউ.ডি.এফৰ আৰ্থিক সহায়
ইয়ামিনক 25হাজাৰ টকা শিক্ষাৰ বাবে আৰু 75হাজাৰ টকা গৃহৰ নিৰ্মাণৰ বাবে প্ৰদান কৰে আজমল ফাউণ্ডেশ্যনে । এআইইউডিএফৰ প্ৰতিনিধি দলটোত আছিল এআইইউডিএফৰ বৰপেটা জিলাৰ মুখ্য আহ্বায়ক মুফতি চামচুদ্দিন কাছেমী, জিলা সমন্বয়ক আশ্ৰাফুল মামুন, কাৰ্যকৰী সম্পাদক অধিবক্তা ৰুবুল ৰহমানৰ উপৰিও বহু কেইজন বিশিষ্ট লোক ।