অসম

assam

By

Published : Apr 30, 2019, 2:45 PM IST

ETV Bharat / state

ম্যাদ উকলা শীতল পানীয়ৰে ভৰি পৰিছে কলগাছিয়াৰ বজাৰ

কলগাছিয়াত শীতল পানীয়ৰ নামত বৰবিহ । একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰলৈ এৰি দিছে ম্যাদ উকলা শীতল পানীয় ৷ ৰৌশন আলী নামৰ পেপছিৰ বিক্ৰেতাই আধা দৰতে বিক্ৰী কৰি আছে এই ম্যাদ উকলা শীতল পানীয় ।

কলড্ৰিংছৰ নামত বৰবিহ

কলগাছিয়া, 30 এপ্ৰিল : কলগাছিয়াত শীতল পানীয়ৰ নামত বৰবিহ । পেপছি কোম্পানীৰ ম্যাদ উকলা শীতল পানীয়ৰে ভৰি পৰিছে বজাৰ । ৰৌশন আলী নামৰ পেপছিৰ ডিলাৰে আধা মূল্যত বিক্ৰী কৰি আছে এই ম্যাদ উকলা শীতল পানীয় । গৰম পৰাৰ লগে লগেই বজাৰত বিভিন্ন শীতল পানীয় প্ৰস্তুতকাৰী কোম্পানীয়ে বজাৰ নিজৰ দখললৈ অনাৰ বাবে চলাই আছে প্ৰতিযোগিতা । এই বজাৰ দখলৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰলৈ এৰি দিছে ম্যাদ উকলা শীতল পানীয় ৷ সম্প্ৰতি কলগাছিয়াৰ বিভিন্ন এলেকাত ৰৌশন আলী নামৰ এগৰাকী বিক্ৰেতাই পেপছি কোম্পানীৰ লগতে আন আন কোম্পানীৰ ম্যাদ উকলা শীতল পানীয় বজাৰত এৰি দিছে । ৰৌশন আলীয়ে ম্যাদ শীতল পানীয়ৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈ অহাত ভিত্তিত মঙলবাৰে চলোৱা এক অভিযানত এই ঘটনা পোহৰলৈ আহে ।

কলড্ৰিংছৰ নামত বৰবিহ

কেইবাখনো গাড়ীৰে ম্যাদ উকলা শীতল পানীয় বৃহত্তৰ কলগাছিয়াৰ বিভিন্ন দোকানত আধা দৰতে বিক্ৰী কৰা বুলিও স্বীকাৰ কৰে ৰৌশন আলীয়ে । ইফালে পেপছি কোম্পানীয়ে এই ম্যাদ উকলা শীতল পানীয়সমূহ ৰৌশন আলীক বিক্ৰী কৰিবলৈ দিছে বুলি গাড়ীৰ চালক তথা কৰ্মচাৰীয়ে জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details