অসম

assam

ETV Bharat / state

চ’চিয়েল মিডিয়াত আলফাৰ সমৰ্থনত পোষ্ট কৰি গ্ৰেপ্তাৰ প্ৰাক্তন আলফা - ulfa

চ’চিয়েল মিডিয়াত আলফাৰ সমৰ্থনত পোষ্ট কৰি গ্ৰেপ্তাৰ প্ৰাক্তন আলফা ৷ গ্ৰেপ্তাৰ হোৱা লোকজন বৰপেটাৰোডৰ শিমলাগুৰিৰ ৰাজেন পাঠক ৷ তেওঁৰ বিৰুদ্ধে বৰপেটাৰোড থানাত ৩১২/২০২১ নম্বৰত গোচৰ ৰুজু ৷

ex-ulfa-arrested-for-social-media-post-in-support-of-ulfa
চ’চিয়েল মিডিয়াত আলফাৰ সমৰ্থনত পোষ্ট কৰি গ্ৰেপ্তাৰ প্ৰাক্তন আলফা

By

Published : May 30, 2021, 4:20 PM IST

বৰপেটাৰোড, 30 মে': চ’চিয়েল মিডিয়াত আলফাৰ সমৰ্থনত পোষ্ট কৰি বৰপেটাৰোডত গ্ৰেপ্তাৰ হ’ল এজন প্ৰাক্তন আলফা ৷ গ্ৰেপ্তাৰ হোৱা লোকজন হৈছে বৰপেটাৰোডৰ শিমলাগুৰিৰ ৰাজেন পাঠক ৷ প্ৰাক্তন আলফা ৰাজেন পাঠকে শেহতীয়াকৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সমৰ্থনত ফেচবুকত কেবাটাও মন্তব্য কৰাৰ লগতে নিজেও পোষ্ট দিছিল ৷

চ’চিয়েল মিডিয়াত আলফাৰ সমৰ্থনত পোষ্ট কৰি গ্ৰেপ্তাৰ প্ৰাক্তন আলফা

এইলৈ আৰক্ষীৰ ৰোষত পৰিছে প্ৰাক্তন আলফা গৰাকী ৷ বৰপেটাৰোড আৰক্ষীয়ে শনিবাৰে নিশা তেখেতক নিজ বাসগৃহৰ পৰা আটক কৰি এই সম্পৰ্কত দিনটো জেৰা কৰে ৷ জেৰাৰ অন্তত বৰপেটাৰোড থানাত ৩১২/২০২১ নম্বৰত এটি গোচৰ ৰুজু কৰি ৰাজেন পাঠকক বৰপেটা আদালতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক:কৰ’ণাক জয়ৰে বাতৰিৰ শিৰোনাম দখল কৰা দুগৰাকী ককা-আইতা

ABOUT THE AUTHOR

...view details