বৰপেটা, ১ আগষ্ট:প্ৰথমবাৰৰ বাবে বৰপেটা সত্ৰ দৰ্শণ কৰি সনাতন ধৰ্মৰ ৰক্ষাৰ বাবে গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনালে বিজেপিৰ প্ৰাক্তন বিধায়ক তথা ভাষিক সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱে ৷ মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলে আয়োজন কৰা অস্ত্ৰ প্ৰশিক্ষণ সম্পৰ্কত মন্তব্য কৰি শিলাদিত্য দেৱে কয় যে ৰাষ্ট্ৰীয় বজৰং দলে একো বেয়া কাম কৰা নাই ৷ তেওঁ কয় যে ইছলামধৰ্মী লোকসকলেও জিহাদ কৰে বা মাদ্ৰাছাত প্ৰশিক্ষণ দিয়ে ৷
প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে কয়,"মছজিদ, মাদ্ৰাছা সমূহতো AK47 ৰকেট লঞ্চাৰ জাতীয় অত্য়াধুনিক অস্ত্ৰ লুকুৱাই ৰাখে ৷ পূৰ্বে তেনে বহু অস্ত্ৰ ধৰাও পৰিছে ৷ তেওঁলোকে আত্মৰক্ষাৰ বাবে নহয়;আন ধৰ্মৰ লোকক আক্ৰমণৰ বাবে সেইবোৰ লুকুৱাই ৰাখে ৷" শিলাদিত্য দেৱে পুনৰ কয় যে বেলেগ ধৰ্মৰ লোকে যাতে জীয়াই নাথাকে, বেলেগ ধৰ্ম যেন নাথাকে তাৰবাবে তেওঁলোকৰ যুঁজ ৷ কিন্তু ৰাষ্ট্ৰীয় বজৰং দলে যদি শিবিৰৰ আয়োজন কৰি প্ৰশিক্ষণ দিছে সেইটো আত্মৰক্ষাৰ বাবেহে কৰিছে ৷ কোনোবা মুছলিমক আক্ৰমণ কৰিব বা পাকিস্তান,আফগানিস্তান বা আন মুছলমান ৰাষ্ট্ৰক আক্ৰমণ কৰিবলৈ যোৱাৰ উদ্দেশ্যৰে এয়া কৰা নাই ৷ কোনো মুছলিম সমাজক ধ্বংস কৰাৰ বাবে কৰা নাই ৷ তেওঁলোকে আত্মৰক্ষাৰ বাবে প্ৰশিক্ষন লৈছে আৰু প্ৰশিক্ষন দিবও লাগে ৷
এই প্ৰসংগত তেওঁ ইজৰাইলৰ উদাহৰণ দি কয়,"ইজৰাইলৰ দৰে প্ৰত্যেকজন সনাতনী ধৰ্মৰ লোকে, যিসকলে ভাবে যে সনাতন ধৰ্ম বাচিলেহে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতা থাকিব তেওঁলোকেহে প্ৰশিক্ষণ লয় ৷ ইয়াত AK-47,ৰকেট লঞ্চাৰ আদি অস্ত্ৰ আমি দেখা নাই ৷ অতি সাধাৰণ অস্ত্ৰৰ প্ৰশিক্ষণ লৈছে ৷ যদি ফায়াৰিং ৰেঞ্জত কৰিছে তেন্তে কোনো আপত্তিয়ে নাই ৷"এই প্ৰশিক্ষণ বৰ ডাঙৰ অপৰাধ নহয় বুলি কয় শিলাদিত্য দেৱে ৷