অসম

assam

ETV Bharat / state

চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন - চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খান অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিৰ অন্যতম নেতা তথা চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ দেহাৱসান ৷ নেতাগৰাকীৰ মৃত্যুৰ বতৰাই শোকস্তব্ধ কৰি তুলিছে নামনি অসমৰ ৰাইজক ৷

চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খান অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

By

Published : Sep 27, 2019, 11:22 AM IST

Updated : Sep 27, 2019, 6:37 PM IST

বৰপেটা, 27 ছেপ্টেম্বৰঃ ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিৰ অন্যতম জনপ্ৰিয় নাম তথা চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ বৃহস্পতিবাৰে 64 বছৰ বয়সত দেহাৱসান ঘটে ৷ নেতাগৰাকীক বুধবাৰে মগজুৰ ৰক্তক্ষৰণ হোৱাৰ বাবে গুৱাহাটীৰ নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু বৃহস্পতিবাৰে দিনত চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে ৷ নামনি অন্যতম জনপ্ৰিয় নেতাগৰাকীৰ নশ্বৰদেহ গোমাফুলবাৰী চিনিয়ৰ মাদ্ৰাছা খেলপথাৰত কেইবাহাজাৰ গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰাৰ অন্তত কাকধোৱা ৰাজহুৱা কবৰস্থানত সৎকাৰ কৰা হয় ৷ দেহাৱসান ঘটা লিয়াকৎ আলী খানে চেঙা সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷ এগৰাকী জনদৰদী নেতা হিচাপে সমগ্ৰ নামনি অসমতে বিশেষভাৱে জনপ্ৰিয় নেতাগৰাকীয়ে আমছুৰ প্ৰতিষ্ঠাৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল ৷ লিয়াকৎ আলী খানৰ জানাজাত চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ,বিজেপি নেতা অনিল দাস,জিতু তালুকদাৰ আদিকে ধৰি জিলাখনৰ বিভিন্ন দল-সংগঠনৰ নেতা কৰ্মীসকল উপস্থিত থাকে ৷ ইপিনে চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদে লিয়াকৎ আলী খানৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে চেঙা সমষ্টিয়ে এগৰাকী অভিভাৱক হেৰুৱালে বুলি মন্তব্য কৰে ৷ বিজেপি নেতা তথা অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাসেও জানাজাত অংশ লৈ এগৰাকী সৎ আৰু স্পষ্টবাদী নেতা হেৰুওৱা বুলি শোক প্ৰকাশ কৰে ৷ প্ৰাক্তন বিধায়কজনৰ মৃত্যুৰ বতৰাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ নাননি অসমৰ ৰাইজক ৷

চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খান অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন
Last Updated : Sep 27, 2019, 6:37 PM IST

ABOUT THE AUTHOR

...view details