অসম

assam

By

Published : Oct 9, 2019, 5:19 AM IST

ETV Bharat / state

ঘৰৰ ল'ৰা ঘৰলৈ উভতিল : পুনৰ এ আই ইউ ডি এফলৈ প্ৰাক্তন বিধায়ক আব্দুল ৰৌফ

জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফৰ কংগ্ৰেছ ত্যাগ,ক'লে কংগ্ৰেছ প্লেনত উঠি ঘূৰি-ফুৰা দল ৷

ঘৰৰ ল'ৰা ঘৰলৈ উভতিল : পুনৰ এ আই ইউ ডি এফলৈ প্ৰাক্তন বিধায়ক আব্দুল ৰৌফ

জনীয়া, 8 অক্টোবৰ: উপ-নিৰ্বাচনৰ আগে আগে সঘনাই সলনি হৈছে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত জনীয়া সমষ্টিৰ ৰাজনৈতিক দৃশ্যপট ৷ মঙলবাৰে কংগ্ৰেছ ত্যাগ কৰি পুনৰ এ আই ইউ ডি এফত যোগদান কৰিলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বহু বছৰ আগতে এ আই ইউ ডি এফ এৰি কংগ্ৰছলৈ যোৱা আব্দুল ৰৌফে ৷ অহা ২১ অক্টোবৰত ৰাজ্যৰ চাৰিটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ ভিতৰত বৰপেটাৰ জনীয়া এটা উল্লেখনীয় সমষ্টি ৷ এই সমষ্টিটোত কংগ্ৰেছ দলৰ টিকট বিচাৰি আবেদন কৰা কংগ্ৰেছৰ কুৰিগৰাকী প্ৰাৰ্থীৰ ভিতৰত অন্যতম আছিল প্ৰাক্তন বিধায়ক আব্দুল ৰৌফ ৷ কিন্তু ৰৌফৰ সলনি কংগ্ৰেছ দলে আনক জনীয়া সমষ্টিৰ টিকট দিয়াত ক্ষোভিত হৈ মঙলবাৰে দল ত্যাগ কৰে প্ৰাক্তন বিধায়কজনে ৷

ঘৰৰ ল'ৰা ঘৰলৈ উভতিল

ইফালে সদ্য দলত্যাগী প্ৰাক্তন কংগ্ৰেছী বিধায়কজনে আজি এ আই ইউ ডি এত যোগদান কৰি সমালোচনাৰে থকা-সৰকা কৰে কংগ্ৰেছ দলক ৷ সাংবাদিকে তেওঁ কিয় এ আই ইউ ডি এফ যোগদান কৰিলে সেই বিষয়ে জানিব বিচৰাত আব্দুল ৰৌফে কয় যে, কংগ্ৰেছ দল হ'ল কেৱল এটা উৰাজাহাজত উৰি ফুৰা দল ৷ এই দলত দুখীয়া আৰু গৰীব মানুহৰ স্থান নাই, বিশেষকৈ কংগ্ৰেছ দলে কেতিয়াও সংখ্যালঘু ৰাইজৰ কথা নাভাবে তাৰ সলনি কংগ্ৰেছ এতিয়া ব্যস্ত কেৱল লবী আৰু পৰিয়ালকেন্দ্ৰীক ৰাজনীতিত ৷

লগতে এ আই ইউ ডি এফক দুখীয়াৰ দল বুলি মন্তব্য কৰি তেওঁ কয়, " এ আই ইউ ডি এফত যোগদান কৰি মোৰ ঘৰলৈ উভতি অহাৰ দৰে লাগিছে"৷ উল্লেখযোগ্য যে যোগদান সভাত কেব আৰু এন আৰ চিলৈও কংগ্ৰেছে দুমুখীয়া নীতি গ্ৰহণ কৰিছে বুলিও তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায় প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ এইদৰে কংগ্ৰেছ দলৰ এগৰাকী প্ৰাক্তন বিধায়কে দল ত্যাগ কৰি পুনৰ তেওঁ আগৰ দল এ আই ইউ ডি এফলৈ উভতি যোৱাটো আগন্তক উপ-নিৰ্বাচন কাৰ বাবে সহায়ক ৰূপে পৰিগণিত হ'ব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব ৷

ABOUT THE AUTHOR

...view details