বৰপেটা, 6 মে’ : বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানে বৃহস্পতিবাৰে কংগ্ৰেছ ত্যাগ কৰে(Barpeta district Congress president Abdur Rahim Khan quits Congress) ৷ কংগ্ৰেছ নেতৃত্বৰ খোৱা-কামোৰা, দ্বন্দ, অন্তঃকলহত অতিষ্ঠ হৈয়েই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাথমিক সদস্যপদৰ পৰাও পদত্যাগ কৰে আব্দুৰ ৰহিম খানে(Congress leader Abdur Rahim Khan resigns) ৷ বৃহস্পতিবাৰে নিশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷
বৰপেটাৰ প্ৰাক্তন বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ৰাইজ এতিয়া কংগ্ৰেছৰ সৈতে নাই বুলি মন্তব্য কৰে ৷ তেওঁ বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক আৰু বিধায়ক আব্দুৰ ৰহিম আহমেদৰ প্ৰতিও বিষোদগাৰ প্ৰকাশ কৰে ৷ ইয়াৰ লগতে আব্দুল খালেক, আব্দুৰ ৰহিম আহমেদ আৰু জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷