অসম

assam

ETV Bharat / state

কোনোবাই কান্দিছে, আন কোনোবাই আকৌ প্ৰতিবাদ কৰিছে

কোনোবাই উচুপিছে, আন কোনোবাই আকৌ প্ৰতিবাদ কৰিছে ৷ মুঠতে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে চৌদিশে ৷ এন আৰ চিৰ পৰা বাদ পৰা লোকৰ আৰ্তনাদ ৷ চাওক এই প্ৰতিবেদন-

কোনোবাই কান্দিছে, আন কোনোবাই আকৌ প্ৰতিবাদ কৰিছে

By

Published : Sep 7, 2019, 7:07 PM IST

নিউজ ডেস্ক, 7 চেপ্তেম্বৰ : ২২ বছৰ ধৰি দেশৰ সীমান্ত ৰক্ষাৰ দায়িত্ব বহন কৰি অহা এইগৰাকী বৰপেটাৰ ৰণজিৎ দাস ৷ বৰপেটা চহৰৰ শান্তি নগৰৰ ৰণজিৎ দাসৰ লগতে দুই পুত্ৰ ৰাজীৱ দাস আৰু গোপালকৃষ্ণ দাসৰ নাম নাহিল এন আৰ চিত ৷ এই জ্যেষ্ঠ লোকজনে ২২ বছৰ ধৰি সেৱা আগবঢ়াইছিল বি এছ এফত ৷ দেশৰ সীমান্তৰক্ষাৰ মহান দায়িত্বপ্ৰাপ্তিৰে অৱসৰ গ্ৰহন কৰা ৰণজিৎ দাস এন আৰ চি কতৃপক্ষৰ ওচৰত বিবেচিত হ'ল সন্দেহজনক বিদেশী হিচাপে ৷ শুনানীৰ সময়ত ৬৬ চনৰ লিগেচীকে ধৰি সকলো প্ৰয়োজনীয় তথ্য দাখিল কৰিছিল পৰিয়ালটোৱে ৷ আনকি একে লিগেছী আৰু তথ্যৰেই লোকজনৰ আন ছজন ভাই ককাইৰ পৰিয়ালৰ নাম সন্নিৱিষ্ট হৈছে এন আৰ চি তালিকাত ৷

কোনোবাই কান্দিছে, আন কোনোবাই আকৌ প্ৰতিবাদ কৰিছে

ইফালে, এন আৰ চিত নাম নাহিল ১৯৪৮ চনতে সেনাত যোগদান কৰা কৰ্মচাৰীৰ পৰিয়ালৰ ৷ চিত্তৰঞ্জন চেটাৰ্জী নামৰ ব্যক্তিজনে ১৯৪৮ চনতেই যোগদান কৰিছিল ভাৰতীয় সেনা বাহিনীৰ কৰ্মচাৰী ৰূপে আৰু ১৯৭১ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।কিন্তু এন আৰ চিৰ পৰা নাম কৰ্ত্তন হ'ল তেওঁৰ ১২ জনীয়া পৰিয়ালটোৰ ৭ জনৰ নাম ৷

আনহাতে, এন আৰ চিত নাম নাহিল ওদালগুৰিৰ খিলঞ্জীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু লোকৰ নাম । ৷যাৰ ফলত আতংকিত হৈ পৰিছে লোক সকল। খিলঞ্জীয়া হোৱাৰ পিছতো এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে কোচ ৰাজবংশী লোক সকলে । জিলা খনৰ ওৰাং থানাৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজে একত্ৰিত হৈ ক্ষোভ উজাৰিলে চৰকাৰৰ বিৰুদ্ধে ৷

লগতে ৰঙিয়াকে ধৰি আন আন বিভিন্ন ঠাইতো এন আৰ চিৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ABOUT THE AUTHOR

...view details