জনীয়া, 6 মে': ক্ৰমাৎ অপৰাধৰ ঘাটিলৈ পৰিণত হৈছে জনীয়া ৷ সঘনাই এটাৰ পাচত আন এটা অপৰাধমূলক কাণ্ড সংঘটিত হৈ আহিছে অঞ্চলটোত ৷ একেদৰে বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বালাৰচৰতো শেহতীয়াভাৱে দিনে-নিশাই একাংশ অসাধু লোকে অনুষ্ঠিত কৰি আহিছে জুৱাখেল ৷ দেৱানী, মাতব্বৰ দালালক মেনেজ কৰি একাংশ জুৱাৰীয়ে দিনে-ৰাতিয়ে জুৱাখেল অনুষ্ঠিত কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে ৷
বালাৰচৰত জুৱাৰীক পহুখেদা মহকুমা আৰক্ষীৰ - বঙাইগাঁও জিলা
বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বালাৰচৰত শেহতীয়াভাৱে একাংশ অসাধু লোকে অনুষ্ঠিত কৰি আহিছে জুৱাখেল ৷ সামাজিক পৰিৱেশ বিনষ্ট কৰি জুৱাখেল অনুষ্ঠিত কৰাত বুধবাৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া হেমেন দাসে নিজে গৈ বালাৰচৰত জুৱাৰীৰ দলটোক পহুখেদা দিয়ে।
বালাৰচৰত জুৱাৰীক পহুখেদা মহকুমা আৰক্ষীৰ
একেদৰে কীৰ্তনপাৰা, তিলপুখুৰী আৰু ভাণ্ডাৰাত আমছুৱে বহুবাৰ চেষ্টা কৰি জুৱা ঘাটিতো উচ্চেদ কৰাত বিফল হৈছিল যদিও বুধবাৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া হেমেন দাসে নিজে গৈ বালাৰচৰত জুৱাৰীৰ দলটোক পহুখেদা দিয়ে। হেমেন দাসৰ এনে পদক্ষেপে বিভিন্নজনে প্ৰশংসাও কৰিছে।
Last Updated : May 6, 2021, 1:04 PM IST