জনীয়া, ১২ অক্টোবৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে । সোমবাৰে বেদখলকাৰীৰ কবলত থকা বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলায় । জনীয়া গাঁও পঞ্চায়তৰ লগতে জনীয়া সমন্বয় ৰক্ষী সাংস্কৃতিক অনুষ্ঠানৰ বেদখল হৈ থকা ভূমি বেদখলমুক্ত কৰে । অবৈধভাৱে স্থাপন কৰা ব্যৱসায়িক প্ৰতিষ্ঠান, বাসগৃহ আদি প্ৰশাসনে উচ্ছেদ কৰে ।
অবৈধভাৱে স্থাপন কৰা এখন জাতীয় বিদ্যালয়ো উচ্ছেদ কৰা হয় । চক্ৰ বিষয়াই জনোৱা মতে, গো-ৰিজাৰ্ভত একাংশ লোকে অবৈধভাৱে বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰিছিল । সেয়ে প্ৰশাসনে তেওঁলোকক আঁতৰি যাবলৈ নিৰ্দেশ দি ১৫ দিন পূৰ্বেই জাননী জাাৰি কৰিছিল । একাংশ পৰিয়াল আন ঠাইলৈ স্থানান্তৰিত হৈছে যদিও আন একাংশই প্ৰশাসনৰ নিৰ্দেশক গুৰুত্ব দিয়া নাছিল ।
সেয়ে, সোমবাৰে প্ৰশাসনে উচ্ছেদ অভিযান চলায় । এক্সকেভেটৰেৰে বাসগৃহ, দোকান আদি ভাঙি পেলায় প্ৰশাসনে ।