অসম

assam

ETV Bharat / state

বৰপেটাৰোডৰ সাতভনীৰটোপত প্ৰশাসনৰ উচ্ছেদ - Eviction at Barpetaroad satbhonirtop

মঙলবাৰে সাতভনীৰটোপৰ মুঠ ছয় বিঘা মাটিত বসবাস কৰি থকা ১২টাকৈ পৰিয়ালক উচ্চেদ কৰে প্ৰশাসনে ৷ সাতভনীৰটোপৰ এই চৰকাৰী ভূমিখিনিত শ্মশান নিৰ্মানৰ বাবে বিগত প্ৰায় চাৰে তিনি বছৰৰ পৰা বেদখলমুক্ত কৰিবলৈ জাননী প্ৰদান কৰি আহিছিল ৷ কিন্তু তাত বসবাসকৰা লোকসকলে ভূমিখিনি মুক্ত কৰি নিয়াৰ ফলতেই মঙলবাৰে প্ৰশাসনে জে চি বি লগাই উচ্ছেদ কৰে ৷

Eviction at Barpetaroad satbhonirtop
বৰপেটাৰোডৰ সাতভনীৰটোপত প্ৰশাসনৰ উচ্ছেদ

By

Published : Feb 18, 2020, 7:55 PM IST

বৰপেটাৰোড, 18 ফেব্ৰুৱাৰীঃ বৰপেটাৰোডৰ সাতভনীৰটোপত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ সাতভনীৰটোপৰ মুঠ ছয় বিঘা মাটিত বসবাস কৰি থকা ১২টাকৈ পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে ৷ উল্লেখ্য যে, সাতভনীৰটোপৰ এই চৰকাৰী ভূমিখিনিত শ্মশান নিৰ্মানৰ বাবে বিগত প্ৰায় চাৰে তিনি বছৰৰ পৰা বেদখলমুক্ত কৰিবলৈ জাননী প্ৰদান কৰি আহিছিল ৷ কিন্তু তাত বসবাসকৰা লোকসকলে ভূমিখিনি মুক্ত কৰি নিয়াৰ ফলতেই মঙলবাৰে প্ৰশাসনে জেচিবি লগাই উচ্ছেদ কৰে ৷ আৰক্ষী, চিআৰপিএফৰ বৃহৎ দল এটি লগত লৈ বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই উচ্ছেদ অভিযান চলায় ৷

বৰপেটাৰোডৰ সাতভনীৰটোপত প্ৰশাসনৰ উচ্ছেদ অভিযান

১৯৯৪ চনত উত্তৰ অঞ্চলত হোৱা সংঘৰ্ষত জৰ্জৰিত হৈ লগতে বেঁকী নৈৰ গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই এই পৰিয়াল কেইটাই উক্ত স্থানত বসবাস কৰি আহিছিল ৷ সম্প্ৰতি নিজ বাসগৃহ হেৰুৱাই একপ্ৰকাৰৰ অসহায় হৈ পৰিছে লোকসকল ৷ আনহাতে, উচ্ছেদিত এই লোকসকলে তেঁওলোকক থকাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আবেদন জনায় ৷

লগতে পঢ়ক-গাঁও আৰু দেৰগাঁৱত আটক জালনোট সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details