অসম

assam

ETV Bharat / state

বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে চলোৱা উচ্ছেদক অবৈধ আখ্যা উচ্ছেদিতৰ - বৰপেটা সত্ৰ

Barpeta Satra Eviction: বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসৰ নেতৃত্বত চলোৱা এক উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ উচ্ছেদৰ বলি হোৱা বৰপেটা চহৰৰ দ-হাটী নিবাসী অনিৰুদ্ধ পাঠকৰ সংবাদমেল ৷

Barpeta Satra Eviction
বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে চলোৱা উচ্ছেদ অবৈধ আখ্যা উচ্ছেদিতৰ

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 10:53 PM IST

Updated : Dec 27, 2023, 10:59 PM IST

বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে চলোৱা উচ্ছেদ অবৈধ আখ্যা উচ্ছেদিতৰ

বৰপেটা, ২৭ ডিচেম্বৰঃ বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসৰ নেতৃত্বত চলোৱা এক উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰভাত দাসৰ নেতৃত্বত চলা এই উচ্ছেদ অভিযানক ভুক্তভোগীয়ে অবৈধ আখ্যা দিয়াৰ লগতে ন্যায় বিচাৰৰ দাবী জনাইছে ৷

উল্লেখ্য যে বৰপেটা চহৰৰ দ-হাটীত বৰপেটা সত্ৰৰ নামত থকা এডোখৰ বেদখলকৃত মাটিত দিনদিয়েক পূৰ্বে সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসৰ নেতৃত্বত উচ্ছেদ অভিযান চলোৱা হয় ৷ উচ্ছেদৰ নামত মাটিখিনিত থকা টিনপাতৰ বেৰ আদিৰ লগতে এটা কংক্ৰিটৰ বাসগৃহ এক্সকেভেটৰ লগাই ভাঙি পেলোৱা হয় ৷

উচ্ছেদৰ বলি হোৱা বৰপেটা চহৰৰ দ-হাটী নিবাসী অনিৰুদ্ধ পাঠক আৰু তেখেতৰ পৰিয়ালে আজি এক সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে প্ৰভাত দাসৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ বৰপেটা সত্ৰৰ মাটি বেদখল কৰি থকা নাই বুলি দাবী কৰাৰ লগতে অনিৰুদ্ধ পাঠকৰ পৰিয়ালৰ নামত থকা বৈধ মাটিতহে সত্ৰ পৰিচালনা সমিতিয়ে সম্পাদক প্ৰভাত দাসে সত্ৰৰ সম্পাদক হিচাপে সুবিধা লৈ অবৈধভাৱে উচ্ছেদ চলায় বুলি তেওঁলোকে সংবাদমেলযোগে অভিযোগ উত্থাপন কৰে ৷

বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসৰ নেতৃত্বত বেদখল হৈ থকা বুলি কৈ অহা ২৫৯৭ নং দাগৰ পৰিৱৰ্তে অনিৰুদ্ধ পাঠকৰ পৰিয়ালে বসবাস কৰি থকা ২৫৯৬ নং দাগৰ মাটিতহে উচ্ছেদ অভিযান চলোৱা হৈছে বুলি ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰে ৷ উচ্ছেদ অভিযানৰ সময়ত প্ৰশাসনৰ কোনো লোকক লগত ৰখা হোৱা নাই বুলি অভিযোগ কৰাৰ লগতে পৰিয়ালৰ লোকৰ অনুপস্থিতত উচ্ছেদ চলোৱা হৈছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অনিৰুদ্ধ পাঠকে ৷

বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসে ব্যক্তিগত শত্ৰুতাৰ বাবে এনেদৰে বলপূৰ্বকভাৱে উচ্ছেদ অভিযান চলায় বুলি অভিযাগ কৰে অনিৰুদ্ধ পাঠকে৷ আনকি নিজৰ ঘৰৰ জাৱৰ পেলোৱাত অসুবিধা হোৱা বাবেই প্ৰভাত দাসে অনিৰুদ্ধ পাঠকৰ ঘৰ-চৌহদক উচ্ছেদৰ লক্ষ্য কৰি লোৱা বুলি ভুক্তভোগী পৰিয়ালটোৱে ক্ষোভ প্ৰকাশ কৰে ৷

উচ্ছেদ অভিযানৰ সময়ত এক্সকেভেটৰেৰে ভাঙি পেলোৱা ঘৰটোৰ পৰা নগদ ধনসহ কিছু আ-অলংকাৰ দুৰ্বৃত্তই লুট কৰি নিয়া বুলিও ভুক্তভোগী পৰিয়ালটোৱ অভিযোগ উত্থাপন কৰে৷ এনেধৰণৰ ডকাইতিসদৃশ উচ্ছেদ অভিযান বৰপেটাৰ ইতিহাসত নজিৰবিহীন বুলি তেওঁলোকে মন্তব্য কৰে ৷

বিবদমান বিষয়টোত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ হস্তক্ষেপ কামনা কৰে ভুক্তভোগী পৰিয়ালটোৱে ৷ ইপিনে অনিৰুদ্ধে পাঠকে বৰপেটা সত্ৰৰ মাটি অবৈধভাৱে দখল কৰি থকাৰ লগতে ঘৰ আদি নিৰ্মাণ কৰা বুলি ব্যক্তিজনৰ বিৰুদ্ধে প্ৰতি-অভিযোগ উত্থাপন কৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে ৷

অনিৰুদ্ধ পাঠকে অবৈধভাৱে দখল কৰি থকা মাটি আৰু অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহত চলা উচ্ছেদ অভিযান বৈধ আৰু ন্যায়সংগত বুলি দাবী কৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে৷ এক সংবাদমেল সম্বোধন কৰি বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে কয় যে চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু বৰপেটা সত্ৰ পৰিচালনা সমিতি তৰফৰ পৰা বাৰম্বাৰ জাননী জাৰি কৰা সত্ত্বেও বৰপেটাৰ সত্ৰৰ বেদখলকৃত মাটি অনিৰুদ্ধে পাঠকে খালী কৰি দিয়া নাছিল ৷

উপায়ন্তৰ হৈ প্ৰশাসনৰ মৌখিক অনুমতি সাপেক্ষে উক্ত মাটিখিনিত সত্ৰ পৰিচালনা সমিতিয়ে নিজাববীয়াকৈ উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয় বুলি সম্পাদক প্ৰভাত দাসে সংবাদ মেলত জানিবলৈ দিয়ে৷ তাৎপৰ্যপূৰ্ণভাৱে একাংশই উক্ত উচ্ছেদ অভিযানক সমৰ্থন জনোৱাৰ বিপৰীতে আন একাংশই মুকলিভাৱে বিৰোধিতা কৰিছে ৷

লগতে পঢ়ক:মাজুলীত উপস্থিত RSSৰ সংঘচালক মোহন ৰাও ভাগৱত

Last Updated : Dec 27, 2023, 10:59 PM IST

ABOUT THE AUTHOR

...view details