পাঠশালা, 14 নৱেম্বৰ : ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱ ৷ বিগত 18 আগষ্টত পাঠশালাৰ জালিখাটাৰ কলিবাৰী থানত থকা এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বটগছজোপা ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হোৱা বাতৰি প্ৰচাৰ হৈছিল সবিস্তাৰে l এই খবৰ লাভ কৰি দিল্লীত ললিত কলাৰ শিক্ষকতা কৰা নগাঁৱৰ এগৰাকী অসমীয়া লোক পাঠশালালৈ আহে গছ জোপাৰ চিকিৎসা কৰিবলৈ l যি সময়ত চৰকাৰক গছজোপাৰ চিকিৎসা কৰিবলৈ আহ্বান জনোৱা হৈছিল তেনে ক্ষণত বিজয় ভূঞা নামৰ লোকজন আহিছে মাথো গছজোপা সংৰক্ষণৰ বাবে ৷
ইটিভিৰ বাতৰিৰ প্ৰভাৱঃ এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ গছজোপাৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিল এজন লোক - Specialist from Delhi
ই টিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱ ৷ বিগত 18 আগষ্টত পাঠশালাৰ জালিখাটাৰ কলিবাৰী থানত থকা এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বটগছজোপা ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হোৱা বাতৰি প্ৰচাৰ হৈছিল সবিস্তাৰে ৷ সেই বাতৰি যোগে খবৰ লাভ কৰি দিল্লীত ললিত কলাৰ শিক্ষকতা কৰা নগাঁৱৰ এগৰাকী অসমীয়া লোক পাঠশালালৈ আহিছে গছ জোপাৰ চিকিৎসা কৰিবলৈ ৷
ই টিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱ
বিশাল গছজোপাৰ চাৰিওফালে পৰি থকা শুকান পাতবোৰ আঁতৰাই পৰিস্কাৰ কৰি গছডালৰ গুৰিত পোত গৈ থকা বালিবোৰ আঁতৰাই এতিয়া ঔষধ প্ৰয়োগ কৰি গছজোপা দীৰ্ঘায়ু কৰাৰ প্ৰয়াস কৰিছে বিশেষজ্ঞ লোকগৰাকীয়ে ৷ নিসন্দেহে এজোপা বৃক্ষৰ বাবে এজন লোকৰ এনে প্ৰেম আৰু লোকজনৰ এনে কৰ্মস্পৃহা অতিকৈ প্ৰসংশনীয় ৷
লগতে পঢ়ক :নিচিহ্ন হোৱাৰ দিশে এচিয়াৰ দ্বিতীয় বৃহৎ বৃক্ষজোপা