বৰপেটা, 22মে': কৰ'ণা মহামাৰীৰ আতংকৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা লোকসকলক কোৱাৰেণ্টাইনত ৰাখিবৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা হৈছে বহুকেইটা কেন্দ্ৰ ৷ বৰপেটা জিলাতো বহিঃৰাজ্যৰ পৰা উভতি অহাসকলক ৰাখিবৰ বাবে সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত 5টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে জিলা প্ৰশাসনে ৷
সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, কুকাৰপাৰ হাইস্কুল, মাজদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাপুজী মহাবিদ্যালয়, সৰ্থেবাৰীৰ ছোৱালী হোষ্টেলত স্থাপন কৰা হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ ৷ স্থাপন হ'বলগীয়া কোৱাৰেণ্টাইন চেণ্টাৰৰ ঠাইসসমূহ আজি পৰ্যবেক্ষণ কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীয়ে ৷