জনিয়া,11 অক্টোবৰ : বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকা আই আৰু মানাহ নৈৰ সংযোগস্থলী ঘোঁৰামাৰা,দলাগাছা গাঁৱত আৰম্ভ হৈছে ব্যাপক খহনীয়া । মানাহ নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ লোৱাৰ পাচতো বৰপেটাৰ সাংসদ আব্দুল খালেক, উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰি, জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ লগতে প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াত নিৰুপায় হৈ পৰিছে স্থানীয় ৰাইজ ৷
সেয়েহে উপায়হীন হৈ গছৰ ডালেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে গাঁওবাসীয়ে । বিগত প্ৰায় এমাহ ধৰি খহনীয়াই কালৰূপ ধাৰণ কৰাৰ ফলত কেইবাশ বিঘা খেতি মাটি,ঘৰ-দুৱাৰ আৰু বিদ্যালয় নৈৰ বুকুত বিলীন হৈ গৈছে ।