জনীয়া, 27 জুলাই : কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কাউৰজাহী গাঁৱত বিগত এসপ্তাহ ধৰি বেকী নৈৰ (Beki River)) খহনীয়াই কালৰূপ ধাৰণ কৰিছে । যিকোনো মূহুৰ্ততে আপোন ঘৰ, খেতি মাটি হেৰুওৱাৰ শংকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে ৷ এনে পৰিস্থিতিত চৰকাৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে ৷ অৱশেষত গাঁঠিৰ ধন ভাঙি পাইলিং পুতি খহনীয়া প্ৰতিৰোধৰ অপ্ৰাণ চেষ্টা ৰাইজৰ ৷
আনহাতে, খহনীয়াৰ বাবে গৃহহীন হৈ পৰা পৰিয়ালবোৰে মুকলি আকাশৰ তলত নিশা কটাবলগীয়া হৈছে ৷ কেইবাটাও পৰিয়ালৰ ঘৰ-মাটি উচন হোৱাত আতংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল । ইতিমধ্যে খহনীয়াত উচন হৈছে বিঘাই বিঘাই ধান, মৰাপাটৰ খেতি । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহী, বলাইপাথাৰ , খাৰবাল্লী, আমগুৰী আৰু শওপুৰ গাঁৱকে ধৰি বিভিন্ন প্ৰান্তত প্ৰায় এমাহ ধৰি অব্যাহত আছে বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া ।
উল্লেখ্য যে, কাউৰজাহীৰ উজনিত মূল বেকী নৈৰ পৰা ওলাই অহা সুঁতিটোৱে প্ৰায় এমাহ পূৰ্বে হঠাতে গতি পথ সলনি কৰে ৷ ফলত উক্ত অঞ্চল সমূহ অভাৱনীয় গৰাখহনীয়াৰ কৱলত পৰে ৷ নৈ খনৰ এই খহনীয়াত ইতিমধ্যে শতাধিক মানুহৰ ঘৰ-দুৱাৰ মাটি-ভেটি আৰু শ শ বিঘা শস্য শ্যামলা কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে ।
লগতে পঢ়ক :বেকী নৈৰ খহনীয়াই বিপদ মাতিছে জনীয়াৰ ছনপুৰাত