জনিয়া, ২৭ আগষ্ট:বেকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰি নিচিহ্ন হোৱাৰ পথত কলগাছিয়াৰ বলাইপাথাৰ গাঁও । মুহূৰ্তৰ ভিতৰত ছুৰমান আলীৰ মাটি ভেঁটি জাহ গ’ল বেকী নৈৰ বুকুত । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱৰ ভয়ংকৰ দৃশ্য এয়া । বিগত দুইমাহ ধৰি বলাইপাথাৰ গাঁৱত এইদৰেই অব্যাহত আছে বেকী নদীৰ ভয়ংকৰ গৰাখহনীয়া । খহনীয়াত প্ৰায় ৫০ টাৰো অধিক পৰিয়ালৰ ঘৰ-ভেটি উছন হোৱাত কোনোবাই ৰাস্তাৰ দাঁতিত আশ্ৰয় লৈছে, আন কোনোবাই বেলেগৰ ঘৰত আশ্ৰয় ল’ব লগা হৈছে ।
আনহাতে গাঁওখনৰ ছুৰমান আলীৰ পকী ঘৰটো এইদৰে চকুৰ সন্মুখতে নৈৰ বুকুত জাহ যোৱাৰ লগতে আন কেইবাটাও পৰিয়াললৈ ভাবুকিৰ সৃষ্টি হোৱাত আতংকিত হৈ পৰিছে বলাইপাথাৰ গাঁৱৰ নৈ পৰীয়া ৰাইজ । ইফালে খহনীয়াগ্ৰস্ত লোকৰ মাজত বিশুদ্ধ খোৱাপানী, শৌচাগাৰ আদিৰ সংকটে দেখা দিছে ৷ এই খহনীয়াত জাহ গ’ল প্ৰায় ৫০ টাকৈ পৰিয়ালৰ ভেটি মাটি। ইফালে খহনীয়াগ্ৰস্ত লোকৰ খবৰ ল’বলৈ আহৰি পোৱা নাই কোনো এজন জনপ্ৰতিনিধি তথা প্ৰশাসনে ।