অসম

assam

By

Published : Mar 29, 2023, 1:15 PM IST

ETV Bharat / state

Erosion in Barpeta: বহৰিত গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ

বহৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া অব্যাহত (Massive erosion at Bahari)। ৰাইজে সংশ্লিষ্ট বিভাগক আবেদন কৰিও লাভ কৰা নাই সুফল । বিধায়ক আশ্ৰাফুল হুছেইনৰ ওপৰত ক্ষোভ চেঙা সমষ্টিৰ ৰাইজৰ ।

Erosion of Brahmaputra at Bahari
বহৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া

বহৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া

বৰপেটা ২৯ মাৰ্চ:বৰপেটা জিলাৰ বহৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া অব্যাহত (Erosion of Brahmaputra at Bahari)। মহাবাহুৰ তীব্ৰ গৰাখহনীয়া অব্যাহত থকাত আতংকিত হৈ পৰিছে বহৰি অঞ্চলৰ ৰাইজ । চৰকাৰৰ ওপৰত আস্থা নাৰাখি ৰাইজেই এইবাৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিছে । বহৰি বজাৰ আঞ্চলিক ব্ৰহ্মপুত্ৰ গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ উদ্যোগত ব্ৰহ্মপুত্ৰত বাঁহৰ পাৰ্কুপাইন স্থাপনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে ।

জিলাখনৰ বহৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া অব্যাহত থকাত বহৰি বজাৰ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ সত্ৰ, গোমাফুলবাৰী ছিনিয়ৰ মাদ্ৰাছা, ডক্ৰেশ্বৰ দেৱালয়লৈ ভাবুকি আহিছে (Mahapurush Sri Sri Haridev Satra)। গৰাখহনীয়া প্ৰতিৰোধ সম্পৰ্কত স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনৰ ওপৰতো খৰ্গহস্ত হৈ পৰিছে স্থানীয় ৰাইজ । বিধায়ক পুঁজি বা কোনো আঁচনিৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বিধায়ক অপৰাগ বুলি ক্ষোভেৰে মন্তব্য কৰিছে স্থানীয় লোকে । গৰাখহনীয়াৰ মূল ইচ্যু লৈ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱা বিধায়ক আশ্ৰাফুল হুছেইনে বৰ্তমান বিলাসী জীৱন কটাই আছে আৰু ৰাইজলৈ পিঠি দিয়া বুলিও মন্তব্য কৰে স্থানীয় লোকে । সেয়েহে বিধায়ক আশ্ৰাফুল হুছেইনৰ ওপৰত খৰ্গহস্ত হৈ পৰিছেগৰাখহনীয়াত আতংকিত ৰাইজ ।

জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰীকাই যোৱা বছৰ বহৰি অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়াও সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল (Minister Pijush Hazarika inspects erosion in Bahari)। সেয়েহে চৰকাৰ তথা বিভাগী কৰ্তৃপক্ষৰ ওপৰত ভৰষা নকৰি এইদৰে ওলাই আহিল বহৰি অঞ্চলৰ ৰাইজ । জীৱন-সম্পদৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি অহা এইসকল লোকে ব্ৰহ্মপুত্ৰৰ সোঁত পৰিবৰ্তন কৰি গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে । বহৰি অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

উল্লেখ্য় যে প্ৰতি বছৰেই খহনীয়াই ৰাজ্যখনৰ আন জিলাৰ লগতে বৰপেটাত বিস্তৰ ক্ষতি সাধন কৰি আহিছে । গৰাখহনীয়াই নিমিষতে বহু নৈপৰীয়া ৰাইজক সৰ্বহাৰা কৰি আহিছে (Erosion devastate people in Assam)। জিলাখনৰ এই অঞ্চলটোত প্ৰতি বছৰেই খহনীয়াই বিস্তৰ ক্ষতি সাধন কৰি আহিছে যদিও আজি পৰ্যন্ত এই সমস্যাৰ স্থায়ী সমাধান হোৱা নাই ।

লগতে পঢ়ক:Car stunt viral video : চিলাপথাৰৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড যুৱকৰ কাৰ ষ্টাণ্ট

ABOUT THE AUTHOR

...view details