জনীয়া, 3 জুলাই:ৰাজ্যজুৰি বানৰ (Assam flood 2022) সংহাৰৰ লগতে অব্যাহত আছে গৰাখহনীয়াৰ বিধ্বংসী ৰূপ ৷ বৰপেটা জিলাৰ ৪৪ নং জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন নৈপৰীয়া অঞ্চলত বেকী নদীয়ে পুনৰ ভয়ানক গৰাখহনীয়া সৃষ্টি কৰে (Erosion at Kalgachia) ৷ এই ভয়ংকৰ গৰাখহনীয়াত কেইবাটাও পৰিয়ালৰ মাটি ভেঁটি উচন হোৱাৰ লগতে কেইবাশ বিঘা কৃষি ভূমি নদীৰ বুকুত জাহ যায় ৷
কলগাছিয়াৰ চিকনি গাঁও পঞ্চায়তৰ অন্তৰ্গত সাওৰাচৰা সংযোগী পথচোৱাও নৈৰ বুকুত জাহ যাওঁ যাওঁ অৱস্থাত হৈছে ৷ খহনীয়া প্ৰতিৰোধৰ বাবে খহনীয়াগ্ৰস্ত ৰাইজে বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ লগতে জিলা প্ৰশাসনৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ৷ বিগত এসপ্তাহৰ ভিতৰত অঞ্চলটোৰ ২১ টা পৰিয়ালৰ মাটি ভেঁটি উচন হয় ৷