অসম

assam

ETV Bharat / state

বেকী নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে প্ৰাথমিক বিদ্যালয়লৈ

বিগত ছমাহ ধৰি কলগাছিয়া ৰাজহ চক্ৰৰ চতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত পাহাৰতলি গোবিন্দপুৰ গাঁৱত বেকী নৈ (Beki River)ৰ বিধ্বংসী খহনীয়া (Erosion) অব্যাহত ৷ কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ নৈয়ে উটুৱাই নিয়াৰ লগতে গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয় (Gobindapur Primary School)খনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই ৷

beki river erosion in kalgachia
কলগাছিয়াত গৰাখহনীয়া

By

Published : Jul 18, 2021, 7:40 PM IST

জনীয়া, 18 জুলাই : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পাহাৰতলি গোবিন্দপুৰত বেকী নৈ (Beki River)ৰ বিধ্বংসী খহনীয়া (Erosion) অব্যাহত ৷ নৈখনৰ বুকুত জাহ গৈছে শতাধিক পৰিয়ালৰ মাটি-ভেটি । ইয়াৰ লগতে খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়লৈ ৷

বাঘবৰ সমষ্টি (Baghbar Constituency) তথা কলগাছিয়া ৰাজহ চক্ৰৰ চতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত পাহাৰতলি গোবিন্দপুৰ গাঁৱত বিগত ছমাহ ধৰি অব্যাহত আছে এই খহনীয়া । বিগত দহদিন ধৰি খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাৰ ফলত কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ নৈয়ে উটুৱাই লৈ গৈছে ৷ গাঁৱবাসীৰ ঘৰ-বাৰী নৈয়ে উটুৱাই নিয়াৰ ফলত গৃহহীন হৈ পৰিছে বহুকেইটা পৰিয়াল ।

কলগাছিয়াত গৰাখহনীয়া

সমান্তৰালকৈ শ শ বিঘা মৰাপাট আৰু ইৰি ধানৰ খেতি বেকী নৈত বিলীন হোৱাৰ বাবে পথৰ ভিক্ষাৰী হৈ পৰিছে ভুক্তভোগীসকল ৷ গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয় (Gobindapur Primary School)খন নৈৰ বুকুত জাহ যোৱাৰ লেখীয়া হৈ পৰাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ খহনীয়াৰ তাণ্ডৱত ঘৰ-দুৱাৰ ভাঙি এতিয়া নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত লোকসকল ।

এনে দুৰ্দশাৰ সময়তো সাংসদ-বিধায়কে খহনীয়াগ্ৰস্তসকলৰ খবৰ ল’বলৈ আহৰি নোপোৱাত ক্ষুদ্ধ হৈ পৰিছে ৰাইজ । শীঘ্ৰে খহনীয়া প্ৰতিৰোধ নকৰিলে নৈৰ বুকুত সমূহীয়াকৈ আত্মজাহ দিব লাগিব দুখ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে ৷ ইয়াৰ পূৰ্বে কলগাছিয়াৰ খাৰবাল্লীতো বেকী নৈয়ে (Beki River) সৃষ্টি কৰিছিল তীব্ৰ খহনীয়া ৷ বিধ্বংসী খহনীয়াত আশ্ৰয়হীন হ’বলগীয়া হয় অঞ্চলটোৰ 7 টাকৈ পৰিয়াল ৷

লগতে পঢ়ক :পথাৰত হাল বাঁওতেই কপাল ফুলিল কৃষকৰ

ABOUT THE AUTHOR

...view details