জনীয়া,16 ডিচেম্বৰ : বৰপেটা জিলাৰ বাঘবৰৰ হাপাচৰ গাঁৱত বিধ্বংসী গৰাখহনীয়া । পদপথত আশ্ৰয় লৈছে খহনীয়াগ্ৰস্ত লোকসকলে ৷ কোনো কাম নকৰাকৈ নৈৰ পাৰত পেলাই থোৱা হৈছে চৰকাৰী জিঅ’ বেগসমূহ ৷
উল্লেখ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বাঘবৰ সমষ্টিৰ হাপাচৰ গাঁৱত মানাহ নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ ভেটি উচন যোৱাৰ লগতে খেতি পথাৰসমূহ নৈৰ বুকুত জাহ যোৱাত সৰ্বস্বান্ত হৈ পৰিছে ৰাইজ । আনহাতে গাঁওখনত গৰাখহনীয়া প্ৰতিৰোধৰ নামত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে জিলা উপায়ুক্তৰ উপস্থিতিত 3 কোটি 50 লাখ টকাৰ জিঅ' বেগৰ আধাৰশিলা স্থাপন কৰিছিল যদিও নামমাত্ৰ কেইটামান জিঅ’ বেগত বালি ভৰাই কাম নকৰাকৈ নৈৰ পাৰত পেলাই থোৱাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী ৰাইজ ।