অসম

assam

ETV Bharat / state

কাউৰজাহীত অব্যাহত বেকী নৈৰ খহনীয়া - বেকী নৈৰ খহনীয়া

কলগাছিয়াৰ কাউৰজাহীত বেকী নৈৰ খহনীয়াই (Beki River erosion) বিধ্বংসী ৰূপ ধাৰণ কৰিছে ৷ খহনীয়াত (Beki River erosion) কেইবাটাও পৰিয়ালৰ বাসগৃহ, বিঘাই বিঘাই খেতি পথাৰ নদীৰ বুকুত জাহ গৈছে ।

Erosion by Beki river turns serious at Jania
কলগাছিয়াৰ কাউৰজাহীত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া

By

Published : Aug 3, 2021, 7:53 PM IST

জনীয়া, 3 আগষ্ট :কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহীত বেকী নৈৰ খহনীয়াই (Beki River erosion) বিধ্বংসী ৰূপ ধাৰণ কৰিছে ৷ বিগত এসপ্তাহত অঞ্চলটোৰ কুৰিটাকৈ পৰিয়ালৰ বাসগৃহ নৈৰ খহনীয়া (Beki River erosion) ত উছন হোৱাৰ লগতে বিঘাই বিঘাই খেতিপথাৰ নৈৰ বুকুত জাহ যোৱাত সৰ্বহাৰা হৈ পৰিছে নৈপৰীয়া ৰাইজ । চৰকাৰ বা প্ৰশাসনে খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অৱশিষ্ট ঘৰ-দুৱাৰ ভাঙি এতিয়া নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ভুক্তভোগীয়ে ৷

সম্প্ৰতি বেকী নদীয়ে কাউৰজাহী, বলাইপথাৰ, কলগাছিয়া, খাৰবাল্লীলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । বিগত দুমাহত চপৰা-চপৰে গৰা খহি পৰাত অঞ্চলটোৰ স্থানীয় ৰাইজ সৰ্বস্বান্ত হৈ পৰিছে ৷ তৎস্বত্বেও স্থানীয় জনপ্ৰতিনিধিৰ নাই কোনো খবৰ ৷ এনেদৰে গৰা খহি নদীৰ বুকুত জাহ গৈ থাকিলে কাউৰজাহী গাঁৱখন শীঘ্ৰে মানচিত্ৰৰ পৰা নাইকীয়া হৈ যাব ৷ বিগত চাৰি মাহৰ ভিতৰত প্ৰায় ১৫০ টা পৰিয়ালৰ বহু পৰিমাণৰ খেতি মাটি বেকী নদীৰ খহনীয়াৰ কবলত পৰি নিশ্চিহ্ন হৈছে ৷

কলগাছিয়াৰ কাউৰজাহীত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া

বৰপেটা জিলা প্ৰশাসন (Barpeta district administration) তথা স্থানীয় প্ৰতিনিধি (Local MLA)আৰু ৰাজ্য চৰকাৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত সম্প্ৰতি কলগাছিয়াৰ পৰা মোৱামৰী সংযোগী লাচাংগা পকীপথলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । যাৰ বাবে স্থানীয় ৰাইজে বিভাগীয় মন্ত্ৰী আৰু জলসিঞ্চন বিভাগ (Irrigation Department)ক অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক :ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ জটিলতা আঁতৰিল

ABOUT THE AUTHOR

...view details