অসম

assam

ETV Bharat / state

কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কালৰূপ - কাউৰজাহীত বেকী নদীৰ গৰাখহনীয়া

গৰাখহনীয়াৰ কৱলত পৰি বিগত এক সপ্তাহত উছন হৈছে দহটাকৈ পৰিয়ালৰ মাটি ভেটি ৷ উপায়ন্তৰ হৈ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে ৷

Erosion by Beki river at Kalgasia
কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কালৰূপ

By

Published : Oct 5, 2020, 10:53 AM IST

জনীয়া, 5 অক্টোবৰ:কলগাছিয়াৰ কাউৰজাহীত অব্যাহত আছে বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া ৷ বিগত এক সপ্তাহত উছন হৈছে দহটাকৈ পৰিয়ালৰ মাটি ভেটি ৷ উপায়ন্তৰ হৈ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে ৷ নৈৰ বুকুত জাহ গ'ল বিঘাই বিঘাই শস্য শ্যামলা খেতি পথাৰ ৷ খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে ৷

এক সপ্তাহত উছন হৈছে দহটাকৈ পৰিয়ালৰ মাটি ভেটি

উল্লেখযোগ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহীত বেকী নদীৰ গৰাখহনীয়াৰ কৱলত পৰি যোৱা এক সপ্তাহত উচন হৈছে দহটাকৈ পৰিয়ালৰ ঘৰ ভেটি ৷ ইয়াৰ ওপৰিও নৈৰ বুকুত জাহ গৈছে বিঘাই বিঘাই কৃষি ভুমি ৷ ফলত উপায়ন্তৰ হৈ পৰিছে সৰ্বহাৰা হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ ইফালে চৰকাৰ বা প্ৰশাসনে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অৱশিষ্ট নিজৰ ঘৰ দুৱাৰ সমূহ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ভূক্তভোগীয়ে ৷

কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কালৰূপ

বিগত বানপানীৰ পিছৰে পৰাই এইদৰে চপৰা চপৰে গৰা খহি স্থানীয় ৰাইজৰ সৰ্বনাশ মাতি আনিছে যদিও ৰাইজৰ কাষত উপস্থিত হোৱা নাই স্থানীয় জনপ্ৰতিনিধি ৷ সম্প্ৰতি বেকী নদীয়ে বলাইপাথাৰ, কলগাছিয়া, খাৰবাল্লী লৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে নৈৰ বুকুত আত্মজাহ দিয়াৰ বাহিৰে কোনো বিকল্প নাই বুলি মন্তব্য কৰিছে খহনীয়াগ্ৰস্ত লোকে ৷

লগতে পঢ়কঃগুৱাহাটী উচ্চ ন্যায়ালয়ত ডেনিয়েল তপ্ন' হত্যাকাণ্ডৰ শুনানি

ABOUT THE AUTHOR

...view details