জনীয়া,13 অক্টোবৰ: বৰপেটা জিলাত অব্যাহত আছে তীব্ৰ খহনীয়া ৷ জিলাখনৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চিকনী আৰু সাওৰাচৰা গাঁৱত বেকী নদীয়ে ধাৰণ কৰিছে তীব্ৰ ৰূপ ৷ ফলত ভাবুকি সৃষ্টি হৈছে অঞ্চলবাসীৰ প্ৰতি ৷ ইতিমধ্যে বিধ্বংসী খহনীয়াৰ কবলত পৰি গৃহহীন হৈছে শতাধিক পৰিয়াল ৷
চিকনিত ভাবুকি কঢ়িয়াইছে বেকী নদীৰ খহনীয়াই - খহনীয়া
কলগাছিয়াৰ চিকনিত অব্যাহত বেকী নদীৰ খহনীয়া ৷ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰক দাবী জনাইছে অঞ্চলবাসীয়ে ৷ জন প্ৰতিনিধিৰ নাই কোনো কাণসাৰ ৷

বেকীৰ খহনীয়া অব্যাহত
বেকীৰ খহনীয়া অব্যাহত
বিগত বৰ্ষত বৰপেটাৰ সাংসদ আব্দুল খালেকে সাওৰাচৰা পথাৰ গাঁৱত নাম মাত্ৰ বাঁহৰ পাৰ্কুপাইন নিৰ্মাণ কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও বানে সেয়া উটুৱাই নিয়াত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰে খহনীয়াই ৷ অঞ্চলবাসীয়ে শীঘ্ৰে এই সমস্যা সমাধানৰ দাবীত চৰকাৰক দাবী জনাইছে ৷ অন্যথা এই অঞ্চল অচিৰে জাহ যাব বেকীৰ বুকুত ৷