বৰপেটা ৫ ছেপ্টেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ চেঙাতো ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । যাৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলগা হৈছে ।
আনহাতে, স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনৰ সমষ্টিবাসীৰ খবৰ ল'বলৈ আহৰি নাই বুলি অভিযোগ উঠিছে । ইফালে নিৰ্বাচনৰ সময়ত খহনীয়া ৰোধ কৰিমেই বুলি দম্ভালি মাৰি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰা সমষ্টিটোৰ বিধায়কক বিচাৰি ৰাইজে হাহাকাৰ কৰিবলগা হৈছে ।
উল্লেখ্য যে চেঙা বিধানসভা সমষ্টিৰ ৰৌমাৰী গাঁৱত দীৰ্ঘদিন ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া । ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । অনিদ্ৰাত পাৰ কৰিবলগীয়া হৈছে প্ৰতিটো নিশা । ব্ৰহ্মপুত্ৰৰ এই কালৰূপত বিগত দিনকেইটাত কেইবাটাও পৰিয়ালৰ বাসগৃহ স্থানান্তৰ কৰিবলগীয়া হৈছে । আনহাতে, খহনীয়াত জাহ গৈছে বহুতৰে মাটি-ভেটি ।
লগতে হাজাৰ হাজাৰ কৃষিভূমিও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে । যাৰ বাবে উপায়হীন হৈ পৰিছে ৰৌমাৰী পথাৰ গাঁৱৰ নৈপৰীয়া ৰাইজ । তাৰ মাজতে চেঙা সমষ্টিৰ স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনৰ ওপৰত ক্ষোভিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।