অসম

assam

ETV Bharat / state

Barpeta Satra: বৰপেটা সত্ৰত কাতিমহীয়া নামৰ সামৰণি - Barpeta Satra

বৰপেটা সত্ৰৰ দালানৰ সন্মুখত সত্ৰীয়া পৰম্পৰাৰে কাতিমহীয়া নামৰ সামৰণি । বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ কথা স্মৰণ ডেকা সত্ৰীয়াৰ ৷

End of Katimahiya Naam in Barpeta
বৰপেটা সত্ৰত কাতিমহীয়া নামৰ সামৰণি

By

Published : Nov 18, 2022, 12:31 PM IST

বৰপেটা, ১৮ নৱেম্বৰ: সত্ৰনগৰী বৰপেটাত সামৰণি পৰিল কাতিমহীয়া নামৰ ৷ বৰপেটা সত্ৰ(Barpeta Satra)ৰ দালানৰ সন্মুখত কাতিৰ শেষ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়াৰ পৰাই বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক, সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় বৰপেটাৰ পৰম্পৰাগত কাতি মাহৰ দোমাহীৰ নাম ৷

বৰপেটা সত্ৰত কাতিমহীয়া নামৰ সামৰণি

সত্ৰনগৰী বৰপেটাত কাতি বিহুৰ সৈতে পৰম্পৰাগতভাৱে সম্পৃক্ত হৈ আহিছে সত্ৰীয়া ৰীতি-পৰম্পৰা ৷ কাতি বিহুৰ এই ৰীতি-পৰম্পৰাৰ সৈতে জৰিত হৈ আহিছে গুৰুদুজনাৰ অপূৰ্ব সৃষ্টি নাম প্ৰসংগৰ পৰম্পৰা ৷ সমগ্ৰ ৰাজ্যখনত ভাদ মাহটোক পৱিত্ৰ জ্ঞান কৰি যিদৰে ভাদমহীয়া নাম অনুষ্ঠিত হয়, একেদৰে সত্ৰনগৰী বৰপেটাত ভাদৰ পৰিৱৰ্তে গোটেই কাতি মাহজুৰি অব্যাহত থাকে নাম প্ৰসঙ্গ ৷

কাতি মাহৰ প্ৰতিটো দিনতে সত্ৰনগৰীৰ হাটীসমুহত থকা থান-সত্ৰসমুহৰ লগতে হাটীৰ ৰাজহুৱা স্থান আদিত ৰাইজে অনুষ্ঠিত কৰে ঠিয় নাম ৷ কাতি বিহুৰ দিনটোৰ পৰাই বৰপেটাত আৰম্ভ হোৱা পৰম্পৰাগত কাতি মহীয়া নাম কাতি আৰু আঘোণৰ দোমাহীৰ নিশা সামৰণি পৰে ৷ সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত এই নামৰ সময়তে বৰপেটাৰ ডেকা সত্ৰীয়া গৌতম পাঠকে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ কথা স্মৰণ কৰাৰ লগতে তেওঁৰ শূণ্যতাৰ কথাও উল্লেখ কৰে ৷

লগতে পঢ়ক:Zubeen Garg birthday: নিশা 12 বজাত যোৰহাটত কেক কাটিলে জুবিন গাৰ্গে

ABOUT THE AUTHOR

...view details