অসম

assam

ETV Bharat / state

বৰপেটাৰ বাঘবৰত প্ৰাক্তন সৈনিকৰ ভূমি বেদখল; মুখ্যমন্ত্ৰীক কাতৰ আহ্বান পৰিয়ালৰ

ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত প্ৰাক্তন সৈনিকৰ পৰিয়াল ৷ প্ৰাক্তন সৈনিকৰ ভূমি বেদখলমুক্ত কৰাৰ দাবী প্ৰাক্তন সৈনিক কল্যাণ পৰিষদৰ ৷

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 5:35 PM IST

Encroachment of Ex Armys Land in Barpeta
প্ৰাক্তন সৈনিকৰ ভূমি বেদখলমুক্ত কৰাৰ দাবী

প্ৰাক্তন সৈনিক কল্যাণ পৰিষদৰ সংবাদমেল

বৰপেটা, 20 ডিচেম্বৰ :এইবাৰ প্ৰাক্তন সৈনিকৰ ভূমিত চকু বেদখলকাৰীৰ ৷ প্ৰাক্তন সৈনিকক চৰকাৰে আৱন্টন দিয়া ভূমি এতিয়া বেদখলকাৰীৰ কবলত ৷ জানিব পৰা মতে বৰপেটাৰ বাঘবৰত প্ৰাক্তন সৈনিকৰ ভূমি বেদখল কৰিছে একাংশই ৷

অভিযোগ অনুসৰি একাংশ সংখ্যালঘু লোকে প্ৰাক্তন সৈনিকৰ ভূমি বেদখল কৰি, এই মাটিত ঘৰ-দুৱাৰ সজাৰ লগতে, পুখুৰী খান্দি অথবা খেতি-বাতি কৰিবলৈ আৰম্ভ কৰিছে ৷ ফলত চৰকাৰে দিয়া ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত প্ৰাক্তন সৈনিকৰ পৰিয়ালৰ লোকে নিজৰ প্ৰাপ্য বিচাৰি মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনাইছে ৷

বুধবাৰে চৰকাৰীভাৱে প্ৰাপ্ত ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত বৰপেটা আৰু বঙাইগাঁও জিলাৰ প্ৰাক্তন সৈনিকৰ পৰিয়ালে বৰপেটা প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰে ৷ একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বেদখল কৰা তেওঁলোকৰ মাটি সমূহ উদ্ধাৰ কৰি দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় প্ৰাক্তন সৈনিকসকলে ৷

সংবাদমেলত প্ৰাক্তন সৈনিকৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি 1971 চনত চৰকাৰে বৰপেটাৰ সৰভোগ আৰু বঙাইগাঁও জিলাৰ মানিকপুৰ অঞ্চলৰ প্ৰায় 6 শতাধিক প্ৰাক্তন সৈনিকক বাঘবৰ ৰাজহ চক্ৰৰ সত্ৰকনৰা গাঁৱৰ 7 আৰু 8 নম্বৰ ছিটত প্ৰতিগৰাকী প্ৰাক্তন সৈনিকৰ নামত 6 বিঘাকৈ ভূমিৰ আৱন্টন দিছিল ৷ কিন্তু চৰকাৰে আৱন্টন দিয়া এই ভূমি আজিলৈকে দখলেই কৰিব নোৱাৰিলে প্ৰাক্তন সৈনিকসকল তথা পৰিয়ালৰ লোকে ৷

আনহাতে প্ৰাক্তন সৈনিকৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি ভূমিৰ দখল বিচাৰি গ’লে প্ৰাক্তন সৈনিকৰ পৰিয়ালক ওলোটাই বিভিন্ন ধৰণে ভয়-ভাবুকিহে প্ৰদান কৰে বেদখলকাৰীয়ে ৷ সেয়েহে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে আজি সংবাদমাধ্যমযোগে প্ৰাক্তন সৈনিকৰ বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ দাবী জনায় প্ৰাক্তন সৈনিক কল্যাণ পৰিষদে ৷

লগতে পঢ়ক :চৰ্ত সাপেক্ষে গুৱাহাটীৰ 13 খন পাহাৰত বাস কৰা লোকে লাভ কৰিব ভূমিৰ পট্টা

ABOUT THE AUTHOR

...view details