জনিয়া, 8 মে': কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত এন আৰ চি সেৱা কেন্দ্ৰ সমূহত তিনি দিন ধৰি চলি আছে এন আৰ চিৰ আপত্তিৰ শুনানি পৰ্ব ৷ কিন্তু আশ্চৰ্যজনকভাৱে আজিলৈ শুনানিত উপস্থিত নাই এজনো আপত্তিকাৰী ৷ লগতে ভুক্তভোগীক এক পক্ষীয়ভাৱে শুনানি গ্ৰহণ কৰাত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ভুক্তভোগীসকল ।
এন আৰ চিৰ আপত্তি শুনানিৰ নামত কলগাছিয়াত ৰাইজক হাৰাশাস্তিৰ অভিযোগ - ডাবালিয়া পাৰা
কলগাছিয়াত এন আৰ চিৰ আপত্তি শুনানিৰ নামত ৰাইজক হাৰাশাস্তি । এটা কেন্দ্ৰতো উপস্থিত নাই আপত্তিকাৰী । এন আৰ চিৰ নামত ৰাইজক হাৰাশাস্তি বন্ধৰ দাবীত চি পি আই এমৰ বিক্ষোভ কাৰ্যসূচী ।
ডাবালিয়া পাৰাৰ বাসিন্দা ময়মনা খাতুনৰ বিৰুদ্ধে জিন্টু ভড়ালী নামৰ এজন ঠিকনাবিহীন ব্যক্তিয়ে আপত্তি দাখিল কৰিছিল যদিও শুনানিত উপস্থিত হোৱা নাই আপত্তিকাৰী। এইদৰেই বহুকেইজন আপত্তিকাৰী শুনানিত উপস্থিত নোহোৱা কাণ্ডক গভীৰ ষড়যন্ত্ৰৰ সন্দেহ প্ৰকাশ কৰিছে চি পি আই এমৰ কলগাছিয়া আৰু তিতাপানী স্থানীয় কমিটিৰ সদস্যসকলে ৷ ঘটনাক লৈ এক বিক্ষোভ কাৰ্যসূচী পালন কৰি চক্ৰ বিষয়াৰ জৰীয়তে প্ৰতীক হাজেলালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে চি পি আই এমৰ সদস্যসকলে। এই হাৰাশাস্তি বন্ধ নকৰিলে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো ভাবুকি প্ৰদান প্ৰতিবাদকাৰীয়ে ৷
লগতে পঢ়কঃ ধিঙৰ বৰভেটিত শিশু সৰবৰাহকাৰী আটক