জনীয়া, 23 মে’: বৰপেটা অসামৰিক চিকিৎসালয়ত দেওবাৰে সংগঠিত হয় এক নাভুত-নাশ্ৰুত কাণ্ড । কৰ’ণাত আক্ৰান্ত ৰোগী কঢ়িয়াই আনি কেবা ঘণ্টা ১০৮ এম্বুলেঞ্চৰ ই এম টিৰ লগতে কৰ’ণাত আক্ৰান্ত ৰোগী অচেতন হৈ পৰি থাকিবলগীয়া হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ পৰা দুগৰাকী কৰ’ণা আক্ৰান্ত ৰোগী ১০৮ এম্বুলেঞ্চৰে কঢ়িয়াই আনিছিল কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়লৈ । চিকিৎসালয়ত উপস্থিত হৈয়ে কেইবা ঘন্টা ধৰি পি পি ই কীট পৰিধান কৰা ১০৮ এম্বুলেঞ্চৰ ই এম টি অচেতন হৈ পৰি থাকে ।
চিকিৎসালয়ৰ সন্মুখত অচেতন হৈ পৰি থাকিল এম্বুলেঞ্চকৰ্মীসহ কৰ’ণা ৰোগী ইফালে কৰ’ণা ৰোগী দুজনৰ এজন মাটিত পৰি থকাৰ লগতে আন এজন গাড়ীৰ ভিতৰতে পৰি থাকে । পৰৱৰ্তী সময়ত চিকিৎসালয়খনৰে চিকিৎসক ডাঃ নজৰুল ইছলামে খবৰ পাই উক্ত স্থানত উপস্থিত হৈ ই এম টিগৰাকীক প্ৰাথমিক চিকিৎসা কৰি সুস্থ কৰি তোলাৰ লগতে কৰ’ণাত আক্ৰান্ত ৰোগী দুগৰাকীকো চিকিৎসালয়ত ভৰ্তি কৰে ।
এই ক্ষেত্ৰত চিকিৎসালয়খনত চিকিৎসকৰ লগতে আন আন কৰ্মচাৰীৰ অভাৱৰ বাবেই এনে অৱস্থা হোৱা বুলিও অভিযোগ উত্থাপন হৈছে । তদুপৰি এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যাৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে ৷
লগতে পঢ়ক: বটদ্ৰৱাৰ কুবাইকটাত ড্ৰাগছসহ এজন আটক