অসম

assam

ETV Bharat / state

কলগাছিয়াত আপাতকালীন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সজাগতা প্ৰশিক্ষণ

কলগাছিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আপাতকালীন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উদ্যোগত সজাগতামূলক সভা অনুষ্ঠিত ৷ ৰাইজক মক ড্ৰীল প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত (Emergency and fire services perticipate in Mock Drill) হয় এই সভা ৷

awareness-programme-by-emergency-and-fire-brigade-department-at-kalgachia
কলগাছিয়াত আপাতকালীন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সজাগতা প্ৰশিক্ষণ

By

Published : Dec 30, 2021, 2:15 PM IST

জনিয়া, 30 ডিচেম্বৰ : বুধবাৰে বৰপেটা জিলাৰ কলগাছিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আপাতকালীন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উদ্যোগত এখন সজাগতামূলক সভা (Emergency and fire services perticipate in Mock Drill) অনুষ্ঠিত হয় ৷ বান, ভূমিকম্প, জুই আদি প্ৰাকৃতিক দুৰ্যোগৰ পৰা কিদৰে ৰক্ষা পাব পাৰি, সেই সম্পৰ্কে কলগাছিয়া ৰাইজক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয় ৷

কলগাছিয়াত আপাতকালীন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সজাগতা প্ৰশিক্ষণ

এই সভাত চিকিৎসালয়, বৃহৎ অট্টালিকা আদিৰ কৰ্তৃপক্ষক আপাতকালীন সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয় ৷ কলগাছিয়াত অনুষ্ঠিত এই সজাগতামূলক সভাত কলগাছিয়া ব্লক প্ৰাথমিক স্বাস্থ্য বিষয়া ডাঃ নাজিৰুল ইছলাম, কলগাছিয়া অগ্নিনিৰ্বাপক আৰু আপাতকালীন বাহিনীৰ বিষয়ববীয়া, স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীৰ লগতে ভালে সংখ্যক স্থানীয় লোক উপস্থিত থাকে ।

লগতে পঢ়ক :Assam Book Fair 2021 : গ্ৰন্থমেলাৰ বাকৰিত "জ্বলন্ত মহানগৰ আৰু অন্যান্য অনুদিত গল্প" উন্মোচন

ABOUT THE AUTHOR

...view details