অসম

assam

ETV Bharat / state

ৰাজ্যত গা-কৰি উঠিছে দূৰ্নীতিঃ কৃষি বান্ধ নিৰ্মাণৰ নামত আত্মসাৎ লক্ষাধিক টকা - নুনতোলাৰ নুনী বাগানৰ পৰা ৰাজহুৱা শ্মশানলৈ যোৱা পথ

বৰপেটাৰ সৰভোগৰ নুনতোলাত ভূমি সংৰক্ষণ বিভাগে বালিৰে নিৰ্মাণ কৰিলে 9.50 লাখটকীয়া কৃষি বান্ধ ৷ আই ডব্লিউ এম পি আঁচনিৰ অধীনত কৃষি বান্ধটো নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল যদিও স্থানীয় ৰাইজ আৰু গাঁও পঞ্চায়তক উপেক্ষা কৰি বিভাগটোৱে নিজাববীয়াকৈ গঠন কৰা এখন নিৰ্মাণ সমিতিৰ দ্বাৰা বান্ধটো নিৰ্মাণ কৰা অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ ঠিকাদাৰৰূপী বিভাগীয় বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী অঞ্চলবাসীৰ ৷

সৰভোগত কৃষি বান্ধ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ
সৰভোগত কৃষি বান্ধ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

By

Published : May 24, 2020, 12:51 PM IST

Updated : May 24, 2020, 1:15 PM IST

বৰপেটা, 24 মে’:বৰপেটাৰ সৰভোগৰ নুনতোলাত ভূমি সংৰক্ষণ বিভাগৰ কৃষি বান্ধ নিৰ্মাণৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ । বিভাগটোৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীসকলে লুণ্ঠনৰ স্বাৰ্থত বালিৰে বান্ধ নিৰ্মাণৰ নামত সংঘটিত কৰিছে ব্যাপক অনিয়ম ৷ এই অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

ৰাইজৰ অভিযোগ অনুসৰি,নুনতোলাৰ নুনী বাগানৰ পৰা ৰাজহুৱা শ্মশানলৈ যোৱা পথটোৰ ওপৰত 9.50 লক্ষ টকা ব্যয় সাপেক্ষে 900 মিটাৰ দৈৰ্ঘ্যৰ কৃষি বান্ধ এটা নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল ভূমি সংৰক্ষণ বিভাগে ৷ সৰভোগৰ আঞ্চলিক ভূমি সংৰক্ষণ বিষয়াৰ কাৰ্যালয়ৰ অধীনত আই ডব্লিউ এম পি আঁচনিৰ অধীনত কৃষি বান্ধটো নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল যদিও বান্ধটো নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় ৰাইজ আৰু গাঁও পঞ্চায়তক উপেক্ষা কৰি বিভাগটোৱে নিজাববীয়াকৈ গঠন কৰা এখন নিৰ্মাণ সমিতিৰ দ্বাৰা বান্ধটো নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে ৰাইজে ৷

আনকি বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলৰ দ্বাৰা গঠিত সমিতিখনে কৃষি বান্ধটো সম্পূৰ্ণ বালিৰে নিৰ্মাণ কৰাৰ ফলত এতিয়া এজাক বৰষুণতে বান্ধটো জহি-খহি গৈছে, যাৰ ফলস্বৰূপে ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ সৰভোগৰ নুনি বাগিছাৰ চৰকাৰী মাটি খান্দি সম্পূৰ্ণ বালিৰে নিৰ্মাণ কৰা বান্ধটো বৰষুণৰ বাবে খহি যোৱাত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে ।

সৰভোগত কৃষি বান্ধ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

আনহাতে, আহোমপথাৰ গাঁৱৰ উপস্বাস্থ্য কেন্দ্ৰৰ সমীপৰ পৰা আহোমপথাৰ-বৈৰাপুৰ খেতিপথাৰ সংযোগী আন এটা কৃষি বান্ধ নিৰ্মাণতো একেধৰণৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । খেতিপথাৰৰ মাজত নিৰ্মাণ কৰা এই কৃষি বান্ধটোৰ কামো অত্যন্ত নিম্নমানেহে সম্পন্ন হৈছে । বান্ধটো নিৰ্মাণৰ সময়ত গছৰ ডাল-পাত দি ওপৰত বালি আৰু মাটি জাপি দিয়া হৈছে বুলিও ৰাইজে অভিযোগ তুলিছে । এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে বিভাগীয় মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ লগতে বৰপেটাৰ জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰে ৷

লগতে পঢ়ক:ৰঙাপৰাত প্ৰথমটো বানে বুৰালে শ শ হেক্ট'ৰ কৃষি ভূমি : চিন্তিত কৃষক ৰাইজ

Last Updated : May 24, 2020, 1:15 PM IST

ABOUT THE AUTHOR

...view details