বৰপেটাৰোড, 21 জানুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাক্সা জিলাত ৷ জীৱশ্ৰেষ্ঠৰ আক্ৰমণৰ বলি হোৱা বনৰীয়া হাতীয়ে ভিন্ন সময়ত প্ৰাণ কাঢ়িছে মানুহৰ ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাক এটাই অঞ্চলটোৰ বিভিন্ন ঠাইত ঘৰ দুৱাৰ ভঙাৰ উপৰিও বহু পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে ৷ বাক্সা জিলাৰ বাৰাপেটা অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ সময়তে,বুধবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত জয়দেৱ দাস নামৰ এগৰাকী পঞ্চাশোৰ্দ্ধৰ লোকে প্ৰাণ হেৰুওৱাৰ লগতে মৃত লোকজনৰ বিশেষভাৱে সক্ষম পুত্ৰ হিতেশ দাসো আহত হয় ৷
বাক্সাৰ বাৰাপেটাত বন্যহস্তীৰ তাণ্ডৱ : নিহত এজন
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে বুধবাৰে নিশা প্ৰাণ ল'লে জয়দেৱ দাস নামৰ এগৰাকী পঞ্চাশোৰ্দ্ধৰ লোকৰ ৷
ইফালে,নিশাতেই বন বিভাগ আৰু লাৱদাংগুৰী আৰক্ষীক খবৰ দিয়াৰ পাচতো আৰক্ষী আৰু বনবিভাগৰ কোনো লোক উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোকসকল ৷ বৃহস্পতিবাৰৰ পুৱালৈকে মৃতদেহটো উদ্ধাৰ কৰিবলৈ প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাত আঞ্চলিক বন বিভাগৰ বিৰুদ্ধে গুৰুতৰ উত্থাপন কৰে গাঁওবাসীয়ে ৷ বন বিভাগ হায় হায়,বাক্সা আৰক্ষী হায় হায়,বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰক আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক:মুকালমুৱাত বিবাহ যাত্রীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: নিহত এজন