বৰপেটা, 14 আগষ্ট: উৎকট গৰমে দহিছে ৰাজ্য। কিন্তু এই উৎকট গৰমৰ মাজতো বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ বালাৰপাথাৰ গাঁৱত বিগত তিনিদিন ধৰি নাই বিদ্যুৎ। লগতে বৃহত্তৰ কলগাছিয়া এলেকাত য'ত 5 মেগাৱাট বিদ্যুতৰ প্ৰয়োজন তাত মাত্ৰ 1.5 মেগাৱাট বিদ্যুতহে যোগান ধৰা হৈছে৷ যাৰ বাবে অঞ্চলটোত সঘনাই বিদ্যুতৰ লুকাভাকু চলি থাকে৷
24 ঘণ্টা নহয়, 1 ঘণ্টাৰ বাবে বিদ্যুৎ বিচাৰি বৰপেটাত হাহাকাৰ - বৰপেটা
প্ৰহসনত পৰিণত চৰকাৰৰ ২৪ ঘণ্টা বিদ্যুৎ যোগান আঁচনি ৷ ৩ দিন ধৰি বিদ্যুৎ নথকাৰ বাবেই ৰাইজে ঘেৰাও কৰিলে কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ৷
বিগত কেইবা মাহ ধৰি বিদ্যুৎ সংকটত ভোগা অঞ্চলবাসীয়ে আজি কলগাছিয়াস্থিত বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বৃহত্তৰ কলগাছিয়া অঞ্চলত থকা ট্ৰেন্সফৰ্মাৰৰ ঠিকাদাৰে বিদ্যুৎ কৰ্তন কৰাৰ ফলত ৰাহি হোৱা বিদ্যুতৰে অন্য ঠাইত বিক্ৰী কৰি কমিচন খোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে৷ লগতে এখন গাঁৱত বিদ্যুতৰ সমস্যা হ'লে বৃহত্তৰ কলগাছিয়াবাসীক হাৰাশাস্তি দিয়াৰো অভিযোগ বহুদিনৰ পৰা উত্থাপন হৈ আহিছে৷
এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে স্মাৰকপত্ৰ দিয়াৰ পিছতো কোনো সুফল পোৱা নাই ৰাইজে৷ উপায়ন্তৰ হৈ ৰাইজে কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ ঘেৰাও কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ লগতে একাংশ উত্তেজিত ৰাইজে কাৰ্যালয়টোৰ ভিতৰত সোমাই আচবাব পত্ৰ ভঙাৰ ফলত এজন লোক আহত হয়৷