কলগাছিয়া, 8 মে’: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তর্গত শৰীয়াতপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ধান বানিবলৈ আহি বিদ্যুতস্পৃষ্ট হয় এজন কিশোৰ ৷ অভিযোগ অনুসৰি ইমৰাদ আলি খান নামৰ ৰাইচমিলৰ স্বতাধিকাৰী গৰাকীয়ে ধান বানিবলৈ অহা কিশোৰ এজনক বিদ্যুৎৰ বেমেজালি ঠিক কৰিবলৈ হাই ভল্টেজ ট্ৰেন্সফৰ্মাৰত বলপূৰ্বকভাৱে উঠাই দিয়ে ৷ ট্ৰেন্সফৰ্মাৰত উঠাৰ লগে লগে বিদ্যুতস্পৃষ্ট হৈ কিশোৰজন চিটিকি কাষত ৰড ওলাই থকা দেৱালত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
ধান বানিবলৈ আহি বিদ্যুতস্পৃষ্ট হ’ল কিশোৰ - কিশোৰ
এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত । ধান বানিবলৈ আহি বিদ্যুতস্পৃষ্ট হৈ আহত হ’ব লগীয়া হ’ল এজন কিশোৰ । সম্প্ৰতি মৃত্যুৰ সৈতে যুঁজি আছে কিশোৰ গৰাকীয়ে ।
কলগাছিয়াত বিদ্যুতপৃষ্ঠ হৈ আহত এজন কিশোৰ
জানিব পৰা মতে, আহত কিশোৰগৰাকীক লগে লগে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও, অৱস্থা সংকটজনক হোৱা বাবে তেওঁক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । সম্প্ৰতি মৃত্যুৰ সৈতে যুঁজি আছে কিশোৰ গৰাকীয়ে । ইফালে, কিশোৰ গৰাকীৰ মাতৃৰ লগতে স্থানীয় ৰাইজে ঘটনাটোৰ উচিত তদন্ত কৰি দোষীৰ শাস্তি বিচাৰে ।
লগতে পঢ়ক:কেইজন বিধায়কৰ স্বাক্ষৰ লৈ দিল্লীলৈ গৈছিল পীযুষ হাজৰিকা ?