এইবাৰ ইলেকট্ৰিক মটৰ চুৰ কৰি গ্ৰেপ্তাৰ হ'ল দুই যুৱক - etv_assam
বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই আটক কৰে ইলেকট্ৰিক মটৰ চোৰ দুটাক
![এইবাৰ ইলেকট্ৰিক মটৰ চুৰ কৰি গ্ৰেপ্তাৰ হ'ল দুই যুৱক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3754506-thumbnail-3x2-g.jpg)
এইবাৰ মটৰ চুৰ কৰি গ্ৰেপ্তাৰ হ'ল দুই যুৱক
বৰপেটাৰোড,৫ জুলাইঃ বৃহস্পতিবাৰে নিশা বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুটা ইলেকট্ৰিক মটৰ চোৰ ৷ আটক কৰা চোৰ দুজন হৈছে বৰপেটাৰোডৰ সমীপৰ সাতভনীৰ টুপৰ ৰাজু আহমেদ আৰু ছাদ্দাম হুছেইন ৷ বৃহস্পতিবাৰে নিশা চোৰ দুটাই চুৰি কৰা মটৰ লৈ আহি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চোৰ দুটাক ৷ শুকুৰবাৰে বৰপেটা আদালতত দুয়োটা চোৰক চমজাই দিয়াত আদালতে ইতিমধ্যে চোৰদুটাক প্ৰেৰণ কৰে জেল হাজোতলৈ।